NORTHEAST NOW (Assamese)

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন: ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

May 20, 2022 5:04 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে অসম প্ৰদেশ কংগ্ৰেছে।

শুক্ৰবাৰে ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছে কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনক লৈ সংবাদমেল সম্বোধন কৰে।

২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছে।

পৰৱৰ্তী সময়ত ৪ টা সমষ্টিৰ প্ৰাৰ্থী নাম ঘোষণা কৰিব বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতি ৰাণা গোস্বামীয়ে।

স্ক্ৰীনিং কমিটি তথা জিলা সমিতি ,প্ৰদেশ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ লগতে বিভিন্ন লোকৰ মতে প্ৰাৰ্থী নিৰ্বাচনৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।

প্ৰাৰ্থীৰ নাম ঘোষণা কৰা পাছত ৰাণা গোস্বামীয়ে কয় “বিশাল দুৰ্নীতিৰ মাজত ৰাইজ আছিল। এইবাৰ আমাৰ প্ৰতি সঁহাৰি দিছে ৰাইছে। এইবাৰ মিত্ৰতা কাৰো লগতে নকৰো।”

Related News