NORTHEAST NOW (Assamese)
Popular Stories

যোগী চৰকাৰক মোক্ষম আঘাত এলাহাবাদ হাই কোৰ্টৰ : ডাঃ কাফিলৰ গ্ৰেপ্তাৰ বেআইনী ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 1, 2020 3:18 pm

যোগী আদিত্যনাথ চৰকাৰক মোক্ষম আঘাত দিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে। চিকিৎসক ডাঃ কাফিল খানৰ গ্ৰেপ্তাৰ বেআইনী ঘোষণা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ।

আনকি বেআইনীভাৱে কাৰাবন্দী কৰি ৰখা চিকিৎসকগৰাকীক অতি শীঘ্ৰে মকুলি কৰি দিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে, ২০১৭ বৰ্ষৰ আগষ্ট মাহতে উত্তৰ প্ৰদেশৰ গোৰক্ষপুৰ বি আৰ ডি হাস্পতালত অক্সিজেনৰ অভাৱত ৬০ গাৰকী শিশুৰ মৃত্যু ঘটিছিল।

ইয়াৰ পিছতে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ বিজেপি চৰকাৰে উক্ত চিকিৎসালয়খনৰ শিশুৰোগ বিশেষজ্ঞ ডাঃ কাফিল খানক গ্ৰেপ্তাৰ কৰিছিল।

শাসনলৈ অহা মাত্ৰ চাৰি মাহৰ ভিতৰতে ঘটা এই ঘটনাৰ বাবে চৰম অস্বস্তিত পৰা যোগী আদিত্যনাথৰ চৰকাৰে ডাঃ কাফিল খানক গ্ৰেপ্তাৰ কৰে যদিও দোষী সাৱস্ত্য কৰিব পৰাকৈ কোনো তথ্য গোটাব নোৱাৰিলে।

ন মাহৰ পিছত কাৰাগাৰৰ পৰা উলাই আহি ডাঃ কাফিল খানে উত্তৰ প্ৰদেশ চৰকাৰ তথা প্ৰশাসনিক দুৰ্নীতিৰ বাবেই ৬০ গৰাকী শিশুৰ মৃত্যু হোৱা বুলি দাবী কৰে।

প্ৰশাসনিক স্তৰৰ দুৰ্নীতিৰ ঢাকি ৰাখিবলৈ তেওঁক আক্ৰোশমূলকভাৱে ব্যৱহাৰ কৰা বুলিও দাবী কৰে ডাঃ কাফিল খানে।

আনকি তেওঁ বিজেপি চৰকাৰ বহু নীতি ৰাজহুৱাভাৱে বিৰোধিতা কৰাৰ লগতে কা বিৰুদ্ধে একাধিক কলেজ আৰু বিশ্ববিদ্যালয়ত বক্তৃতা প্ৰদান কৰে।

জানুৱাৰী মাহত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত কা বিৰুদ্ধে বক্তৃতা প্ৰদান কৰাৰ পিছতে ডাঃ কাফিল খানক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ২৯ জানুৱাৰীত পুনৰ মুম্বাইত গ্ৰেপ্তাৰ কৰা হয়। আৰু তেতিয়াৰ পৰা তেওঁ কাৰাৰুদ্ধ হৈয়ে আছে।

ইফালে অলপতে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে আক্ৰোশমূলক ভাৱে ডাঃ কাফিল খানৰ কাৰাবন্দীত্বৰ ম্যাদ বৃদ্ধি কৰিছিল।

উত্তৰ প্ৰদেশ চৰকাৰৰ চুপাৰিছৰ মৰ্মে ৰাজ্যপাল আনন্দিবেন পেটেলৰ নিৰ্দেশত চলিত বৰ্ষৰ ১৩ নৱেম্বৰলৈকে ডাঃ কাফিল খানৰ কাৰাবন্দীত্ব বৃদ্ধি কৰা হৈছিল।

কিন্তু আজি এলাহাবদ উচ্চ ন্যায়ালয়ে এই কুঅভিসন্ধি ওফৰাই যোগী চৰকাৰৰ আক্ৰোশমূলক নিৰ্দেশ বাতিল কৰাৰ লগতে অতি শীঘ্ৰেই কাৰাৰুদ্ধ চিকিৎসক গৰাকীক মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে।

আদালতৰ মতে ডাঃ কাফিল খানৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন প্ৰয়োগ কৰাতো বেআইনী।