NORTHEAST NOW (Assamese)

‘অশিক্ষিত নেতাই দেশ চলাইছে’, বিতৰ্কিত মন্তব্য কৰি ট্ৰ’ল হোৱাৰ পিছতে স্পষ্টীকৰণ কাজলৰ

July 9, 2023 8:35 am · এন ই নাও নিউজ, গুৱাহাটী

বলীউডৰ ‘ডেমকেয়াৰ’ নায়িকা তেওঁ। মনৰ কথা মুকলিকৈ ক’বলৈ দুবাৰ চিন্তা নকৰে কাজলে। চলচ্চিত্ৰ জগতত ৩৫ বছৰ সম্পূৰ্ণ কৰিলে অভিনেত্ৰীগৰাকীয়ে। এই দীঘলীয়া পৰিক্ৰমাত বলীউডৰ বহু পৰিৱৰ্তন সাক্ষী হৈ পৰিছে ‘বাজিগৰ’ৰ নায়িকা। ‘কুচ কুচ হোটা হেয়’ৰ বিখ্যাত নায়িকা হঠাৎ ছ’চিয়েল মিডিয়াৰ ৰোষৰ বলি। ৰাজনৈতিক নেতাক লৈ বিতৰ্কিত মন্তব্য কৰি কটাক্ষৰ বলি হৈছে কাজল।

‘অশিক্ষিত নেতাই দেশ চলাইছে’ বুলি কোৱাৰ বাবে কাজলৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে নেটিজেনসকল। ধাৰাবাহিকভাৱে ট্ৰ’ল কৰাৰ পিছত অৱশেষত অজয় ​​দেৱগণৰ ধৰ্মপত্নীৰ ফালৰ পৰা আহিল এক স্পষ্ট বক্তব্য। কিন্তু ‘দ্য ট্ৰাইল’ৰ অভিনেত্ৰীগৰাকীয়ে পোনপটীয়াকৈ ক্ষমা বিচৰা নাই।

ট্ৰ’লৰ সন্মুখীন হ’লেও কাজল কিন্তু অস্থিৰ হৈ পৰা নাই । কাজলে টুইটাৰত লিখিছে, ‘মই মাত্ৰ শিক্ষাৰ ক্ষেত্ৰত এটা স্থিতি প্ৰকাশ কৰিছিলে, সেইটো গুৰুত্বপূৰ্ণ। কোনো ৰাজনৈতিক ব্যক্তিক তুচ্ছজ্ঞান কৰাটো মোৰ উদ্দেশ্য নাছিল, আমাৰ বহু নেতা আছে যিয়ে এই দেশখনক সঠিক দিশত লৈ গৈছে।‘

আগন্তুক ছবি ‘দ্য ট্ৰাইল’ৰ প্ৰচাৰৰ মাজতে ‘দ্য কুইণ্ট’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কাজলে কয় যে ভাৰতত পৰিৱৰ্তন লেহেমীয়া কাৰণ মানুহে পুৰণি পৰম্পৰাক আঁকোৱালি লৈ আছে, আৰু উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত।

নাৰী সবলীকৰণৰ কথা ক’বলৈ গৈ কাজলে কয়, ‘ভাৰতৰ দৰে দেশত পৰিৱৰ্তন অতি লাহে লাহে হয়, অতি লেহেমীয়া হয়। কাৰণ আমি পুৰণি পৰম্পৰাক আঁকোৱালি লৈছো, আৰু আমাৰ চিন্তাধাৰা স্থৱিৰ হৈ পৰিছে। অৱশ্যে আমাৰ মাজত শিক্ষাৰ অভাৱ।‘

ইয়াৰ পাছতে ৰাজনৈতিক নেতাসকলক কটাক্ষ কৰি তেওঁ কয়, ‘আমাৰ বহু ৰাজনৈতিক নেতা আছে যাৰ শিক্ষাগত যোগ্যতাই নাই। ক্ষমা কৰিব, কিন্তু তথাপি মই ক’ম। আমাৰ ওপৰত কৰ্তৃত্ব প্ৰয়োগ কৰা বহুতৰে দূৰদৰ্শিতা নাই। মই বিশ্বাস কৰোঁ যে সেই দূৰদৃষ্টিয়ে শিক্ষাৰ ওপৰত পোহৰ পেলাব পাৰে, অন্ততঃ আন ধৰণৰ এটা চিন্তাধাৰাৰ উত্থান নিশ্চিত কৰে’।

কাজলক শেহতীয়াকৈ নেটফ্লিক্সৰ এন্থোলজি ধাৰাবাহিক ‘লাষ্ট ষ্ট’ৰীজ ২’ত দেখা গৈছে। অমিত শৰ্মাৰ পৰিচালনাত ৰূপায়িত হৈছে লাষ্ট ষ্ট’ৰীজ ২ৰ কাজলৰ কাহিনীভাগ। মদ্যপায়ী স্বামীৰ নিৰ্যাতনত অতিষ্ঠ হৈ পৰা কাজলে একমাত্ৰ পুত্ৰৰ মুখলৈ চাই সকলো নিৰ্যাতন সহ্য কৰে। কিন্তু কাজলৰ এটা ভুল সিদ্ধান্তই সকলো সলনি কৰি দিয়ে! ‘দ্য ট্ৰাইল’ৰ সৈতে পুনৰ অ’টিটি প্লেটফৰ্মত উপস্থিত হৈছে কাজল। ‘দ্য ট্ৰাইল’ কাজলৰ প্ৰথম ৱেব ছিৰিজ।

Related News