NORTHEAST NOW (Assamese)
অসম

কলাগুৰু মহোৎসৱ : পোষ্টাৰ মুকলি অনুষ্ঠানত কেক কাটি সফলতা কামনা জুবিনৰ

Posted by: এন ই নাও নিউজ December 29, 2018 12:30 pm
48952897_10210156538229037_1292685671768522752_n

অহা ২১ আৰু ২২ জানুৱাৰিত তেজপুৰত আয়োজন কৰা হৈছে কলাগুৰু মহোৎসৱৰ।কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে কলাগুৰু ফাউণ্ডেশ্যনে এই মহোৎসৱৰ আয়োজন কৰি আহিছে। আনহাতে, কলাগুৰুৰ চিন্তা-চেতনাক সমাজত তুলি ধৰাৰ বাবে অসমৰ নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰয়াস এয়া।

বিগত বৰ্ষৰ দৰেই এইবাৰো বৰ্ণাঢ্য কাৰ্যসূচীৰে তৃতীয় সংখ্যক কলাগুৰু মহোৎসৱ অনুষ্ঠিত হ’ব। শুকুৰবাৰে আয়ুৰচন্দ্ৰা হাস্পতালত কলাগুৰু মহোৎসৱৰ মূল পোষ্টাৰ মুকলি কৰা হয়। এই পোষ্টাৰ মুকলি অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কেক কাটি কলাগুৰু মহোৎসৱৰ সফলতা কামনা কৰে।

আয়োজকে জানিবলৈ দিয়া মতে, প্ৰথমবাৰৰ বাবে এইবাৰ এই মহোৎসৱলৈ বাংগালোৰৰ বাউল শিল্পীক আমন্ত্ৰণ কৰা হৈছে। তদুপৰি, এই কলাগুৰু মহোৎসৱতে কোকিলকণ্ঠী গায়িকা সদ্য প্ৰয়াত দিপালী বৰঠাকুৰৰ নামতো বঁটা প্ৰদান কৰা হ’ব। আদিবাসী লোকসংগীতৰ সাধক দীনকান্ত তাঁতীলৈ এই বঁটা আগবঢ়োৱা হ’ব। ইয়াৰ উপৰি আন বহুকেইটা শিতানতো বঁটা প্ৰদান কৰা হ’ব।

এইবাৰ মহোৎসৱত থাকিব বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা, ভাওনা, বিভিন্ন প্ৰদৰ্শনী, কলাগুৰু সন্দৰ্ভত বক্তৃতা অনুষ্ঠান, চিত্ৰাংকন প্ৰতিযোগিতা।

আয়ুৰসূন্দ্ৰা হাস্পতালত অনুষ্ঠিত সংবাদমেলত এই বিষয়ে সদৰি কৰি ফেশ্বন ডিজাইনাৰ তথা মহোৎসৱৰ অন্যতম উদ্যোক্তা গৰিমা শইকীয়া গাৰ্গে কয় যে গীত , নৃত্য, সম্বৰ্ধনা, সাংস্কৃতিক শোভাযাত্ৰাৰে এই মহোৎসৱ বৰ্ণময় হৈ উঠিব। ইয়াৰ লগতে থাকিব গল্প কবিতাৰ আড্ডা।

ইপিনে, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি চিঠি লিখা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। ৰাজগড়ত থকা অভিনয়ালৈ চিঠিসমূহ ডাকযোগে প্ৰেৰণ কৰিব লাগিব। ইয়াৰ মাজৰ পৰা শ্ৰেষ্ঠ ৩খন চিঠিক মহোৎসৱত পুৰস্কৃত কৰা হ’ব।

যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে এই কলাগুৰু মহোৎসৱত সকলোকে উপস্থিত থাকিবলৈ আহ্বান জনাইছে।