NORTHEAST NOW (Assamese)

ধৰ্মীয় অনুষ্ঠানৰ পৰা চুৰি ১ কোটি টকাৰ ‘কলহ’! কি এনে বিশেষ আছিল?

September 6, 2025 4:35 pm · এন ই নাও নিউজ, গুৱাহাটী

শনিবাৰে নতুন দিল্লীৰ লালকিল্লা কমপ্লেক্সৰ সমীপত জৈন ধৰ্মীয় অনুষ্ঠানৰ পৰা ৭৬০ গ্ৰাম সোণেৰে নিৰ্মিত আৰু বহুমূলীয়া ৰত্ন সন্নিৱিষ্ট কৰা এটা ‘কলহ চুৰি হৈছে।

তেওঁ কয় যে পাত্ৰটোত ১৫০ গ্ৰাম হীৰা, ৰুবি, পান্না সোমাই আছিল আৰু ৩ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ পৰা চুৰি হৈছিল।

অভিযোগকাৰী সুধীৰ জৈন নামৰ এজন ব্যৱসায়ী আৰু চিভিল লাইনছৰ বাসিন্দাজনৰ মতে, তেওঁ দৈনিক প্ৰায় ১ কোটি টকা মূল্যৰ ‘কলহটো অনুষ্ঠানৰ বাবে লৈ আহিছিল বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনায়।

আদৰণিৰ সময়ত হুলস্থুলৰ মাজতে কলহটো মঞ্চৰ পৰা নিৰুদ্দিষ্ট হৈ পৰে। দিল্লী আৰক্ষীয়ে জনোৱা মতে, চিচিটিভি ফুটেজত এজন সন্দেহযুক্ত লোকৰ কাৰ্যকলাপ বন্দী কৰা হৈছে, যিজনক চিনাক্ত কৰা হৈছে আৰু অতি সোনকালে তেওঁক গ্ৰেপ্তাৰ কৰা হব।

উল্লেখ্য যে, লালকিল্লা কমপ্লেক্সৰ ১৫ আগষ্টৰ পাৰ্কত অনুষ্ঠিত হোৱা এই ধৰ্মীয় অনুষ্ঠান ৯ ছেপ্টেম্বৰলৈকে চলিব।

Related News