NORTHEAST NOW (Assamese)
অসম

এতিয়াও অগপ-বিজেপিৰ মাজত গোপন বুজাবুজি আছে : গৌৰৱ গগৈ

Posted by: ভাৰ্গব হাজৰিকা March 4, 2019 9:57 pm
এতিয়াও অগপ-বিজেপিৰ মাজত গোপন বুজাবুজি আছে : গৌৰৱ গগৈ

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে আজি নগাঁও জিলাৰ ৰূপহীহাটৰ খাটোৱাল আৰু দৈনিক বজাৰত অনুষ্ঠিত দুখনকৈ কংগ্ৰেছৰ কৰ্মীসভাত অংশ লৈ কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰব গগৈয়ে অগপ আৰু বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰো।

ৰূপহীহাট ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু ৰূপহী ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল জলিলৰ সভাপতিত্বত অনুষ্ঠিত সভা দুখনত বিধায়ক নুৰুল হুদা সহ উপস্থিত থকা সাংসদ গৰাকীয়ে বৰ্তমানেও অগপ আৰু বিজেপিৰ মাজত গোপন বুজাবুজি আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয় ‘অগপ‌ই এখন নাটক ৰচিছে। এই কথা অসমৰ ৰাইজে বুজিবলৈ আৰু বাকী নাই।’ চৰকাৰৰ পৰা ওলাই অহাটোৱো অগপৰ এখন নাটক বুলিহে তেওঁ লগতে কয়।

আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ ইতিহাস নাজানে বুলি কটাক্ষ কৰি সভাত গৌৰৱ গগৈয়ে এ আই য়ু ডি এফ আৰু বিজেপিৰ মাজত গোপন বুজাবুজি আছে বুলিও আন এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে।