NORTHEAST NOW (Assamese)
অসম

২২.৩২ ছেকেণ্ডতে ব্যঞ্জন বৰ্ণ লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিলে কলিয়াবৰৰ এগৰাকী শিক্ষয়িত্ৰীয়ে

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা August 6, 2021 3:02 pm
nn7

অসমীয়া ব্যঞ্জন বৰ্ণৰে এগৰাকী শিক্ষয়িত্ৰীৰ জগত জিনাৰ সপোন।

২২.৩২ ছেকেণ্ডতে ব্যঞ্জন বৰ্ণ লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে কলিয়াবৰৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ।

ইংৰাজী ভাষাৰ প্ৰয়োগ আৰু আগ্ৰাসনৰ বাবেই উঠি অহা প্ৰজন্মই পাহৰি পেলাইছে অসমীয়া ভাষাৰ ব্যৱহাৰ।

যাৰ ফলত বহুতে অসমীয়া স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণ কম সময়ৰ ভিতৰত লিখাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়।

কিন্তু কলিয়াবৰৰ ঋতুস্মিতা শইকীয়া নামৰ শিক্ষয়িত্ৰী গৰাকীয়ে মাত্ৰ ২২.৩২ ছেকেণ্ডতে ব্যঞ্জন বৰ্ণ সম্পূৰ্ণকৈ লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হয়।

 

তেজপুৰ একাডেমীত কৰ্মৰত শিক্ষয়িত্ৰী ঋতুস্মিতা শইকীয়াৰ এই সফলতাই এতিয়া সমগ্ৰ কলিয়াবৰকে গৌৰাৱান্বিত কৰি তুলিছে।

যি সময়ত সমগ্ৰ অসমতে অসমীয়া ভাষা¸তথা অসমীয়া মাধ্যমত সকলো কাম-কাজ¸লেখা-মেলাৰ দাবী উঠি আহিছে তেনে সময়ত অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণক এক সুকীয়া মাত্ৰাৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সন্নিবিষ্ট কৰিবলৈ সক্ষম হোৱা শিক্ষয়িত্ৰী গৰাকীৰ এই প্ৰয়াসক সকলোৱে শলাগ লৈছে।