NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’ৰ পঞ্চম বৰ্ষপূৰ্তি পালন

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ June 15, 2019 7:16 am
Kamakhya prasad Tasa

শিৱসাগৰ জিলাৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’ৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠান শুকুৰবাবে চহৰৰ লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয়।

লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ব্ৰজেন বৰাই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে। নৱনীত হাজৰিকাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট সাহিত্যিক প্ৰেম গগৈ, সাংবাদিক মণিৰুল ইছলাম বৰা, বিশিষ্ট শিল্পী দূৰ্লভ বৰা, ছাত্ৰনেতা প্ৰদীপ বৰগোহাঁইয়ে গছ পুলি ৰোপণ কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

‘খোজ’ৰ পঞ্চম বৰ্ষপুৰ্তি অনুষ্ঠানত শিশু আলোচনী ‘মৌচাক’ৰ সম্পাদক শান্তনু তামুলী, ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাচা, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্ত, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰী, জিলা পৰিবহণ বিষয়া সদানন্দ গগৈ,  চিকিৎসক উদয়াদিত্য ৰাজকোঁৱৰ, নিবন্ধকাৰ পাৰ্থ প্ৰদীপ বৰা, পৌৰনেত্ৰী মৃদুস্মিতা সিনহা উপস্থিত থাকি বহুমূলীয়া ভাষণ আগবঢ়ায়।

আনহাতে, অনুষ্ঠানত ‘খোজ’ ৰ দ্বাৰা প্ৰকাশিত সাহিত্যিক প্ৰেম গগৈৰ ‘অসম বুৰঞ্জীৰ ৰূপকথা’, জয়ন্ত মাধৱ গগৈৰ ‘কাজিৰঙাৰ সাধু’,  ‘ভাললগা সাধু’,  নবীন বুঢ়াগোহাঁইৰ ‘শেষ ৰহস্য আৰু অন্যান্য কাহিনী’, শীৰ্ষক শিশুগ্ৰন্থ উন্মোচন কৰা হয়।

তদুপৰি, ‘খোজ’ৰ সম্পাদক জয়জ্যোতি গগৈৰ বিশেষ নিৰ্দেশনা, নবীন বুঢ়াগোহাঁইৰ পৰিকল্পনা আৰু বলীন গগৈৰ সম্পাদনাৰে নিৰ্মিত ‘বুৰঞ্জীয়ে পৰশা শিৱসাগৰ’ শীৰ্ষক এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়।

অনুষ্ঠানত জেষ্ঠ সাংবাদিক সুমেশ ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰতাপ চন্দ্ৰ দত্ত, ছাত্ৰ নেতা বসন্ত গগৈ, সমীৰণ ফুকন, ‘খোজ’ ৰ সভাপতি ৰোহিনী গগৈ, লেখক আচাদ উল্লাহ, ডাঃ বিমান গগৈ,  সাংবাদিক মুক্তাৱ হুছেইন, মুজাহিদ আলি, নজিউল্লা হাজৰিকা, হিমাংশু নেওগ, প্ৰঞ্জল পূজাৰী, কবি অনুপ কুমাৰ বৰুৱা, শিক্ষক মহেন্দ্ৰ নাথ, যুৱ সমাজকৰ্মী আকাশ দুৱৰীকে ধৰি বহুটো গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।