NORTHEAST NOW (Assamese)
অসম

কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে সাময়িকভাৱে বন্ধ কৰিলে বিশেষ প্ৰৱেশ টিকটৰ ব্যৱস্থা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 19, 2020 3:36 pm
kamakhya-temple-in-guwahati-570x427

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ আৰু সতৰ্কতাৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে দৰ্শনাৰ্থীৰ বাবে বিশেষ প্ৰৱেশ টিকট দিয়া কাৰ্য সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।

ইয়াৰ উপৰি আগন্তুক কিছুদিনৰ বাবে মন্দিৰৰ মূল দুৱাৰ বন্ধ ৰখা সন্দৰ্ভতো বিচাৰ বিবেচনা কৰি আছে বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।

অৱশ্যে বৰ্তমান পৰ্যন্ত এই সন্দৰ্ভত পৰিচালনা সমিতিয়ে একো সিদ্ধান্ত লোৱা নাই। ইয়াৰ বাবে আৰু কিছুদিন অপেক্ষা কৰা হ’ব বুলি উল্লেখ কৰে।

‘মন্দিৰলৈ বহু কম দৰ্শনাৰ্থী আহি আছে, আমি এই পৰ্যন্ত দৰ্শন বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা নাই। যদিহে ভাইৰাছ সংক্ৰমণৰ আশংকা বৃদ্ধি পাই, তেন্তে কিছুদিনৰ বাবে দুৱাৰ বন্ধ ৰাখিবলৈ আমি সিদ্ধান্ত ল’ম। মন্দিৰৰ দৈনিক কাম-কাজ চলি থাকিব’। আছাম ট্ৰিবিউনত প্ৰকাশিত মন্দিৰ পৰিচালনা সমিতিৰ সৰু দলৈ কবিন্দ্ৰ শৰ্মাৰ মন্তব্য।

ইয়াৰ উপৰি সতৰ্কতা অৱলম্বনৰ উদ্দেশ্যে পৰিচালনা সমিতিয়ে মন্দিৰ চৌহদত চেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামূলক কৰাৰ লগতে পূজা সমূহত বহু লোক একগোট খোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।