NORTHEAST NOW (Assamese)
অসম

দেওবাৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ব শক্তিপীঠ কামাখ্যাৰ দুৱাৰ, কেনে নিয়ম মানিব লাগিব ভক্তই?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 10, 2020 8:13 pm
a 10-4-750x375

ক’ৰ’ণাতংকৰ বাবে বন্ধ কৰি দিয়া শক্তিপীঠ কামাখ্যাৰ দুৱাৰ  দৰ্শনাৰ্থীৰ বাবে কাইলৈ অৰ্থাৎ দেওবাৰে মুকলি কৰি দিয়া হ’ব।

কামাখ্যা দেৱালয় পৰিচালনা সমিতিয়ে আজি এই কথা প্ৰকাশ কৰিছে।

দেওবাৰে দেৱালয়ৰ পৰিক্ৰমা কাৰ্যসূচীত ভক্তসকলে অংশগ্ৰহণ কৰিব পাৰিব।

অৱশ্যে কামাখ্যাৰ মূল যোনী পীঠ দৰ্শন ভক্তৰ বাবে বন্ধ থাকিব।

ভক্তৰ বাবে প্ৰশাসনে কেতবোৰ বিশেষ নিয়ম বান্ধি দিছে। কি সেই নিয়ম চাওঁ আহক—

  • দেৱালয়ৰ প্ৰৱেশদ্বাৰ পুৱা ৮ বজাৰ পৰা সূৰ্যাস্ত পৰ্যন্ত খোলা থাকিব।অৱশ্যে নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সময়ত সময়ৰ পৰিৱৰ্তন হ’ব পাৰে।
  • মন্দিৰৰ তলত থকা  নাৰ্ছাৰীত স্থাপন কৰা পৰীক্ষা কেন্দ্ৰ ভক্তসকলে কোভিডৰ পৰীক্ষা কৰোৱাব লাগিব।তিনি দিনৰ ভিতৰত পৰীক্ষা কৰোৱাসকলে পৰীক্ষাৰ ফলাফল নিৰ্দিষ্ট স্থানত দেখুৱাব লাগিব।
  • মন্দিৰৰ কাষ পোৱাৰ পিছত সকলো ভক্তই কোভিড পৰীক্ষাৰ ৰিপ’ৰ্ট সংশ্লিষ্ট ব্যক্তিক দেখুৱাব লাগিব।
  • ইয়াৰ পিছত ভক্তসকলে চিন্নমস্তা,কামেশ্বৰ মন্দিৰৰ সমীপত থকা কাৰ্যালয়ৰ পৰা প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব লাগিব।
  • ভক্তসকলে থাৰ্মেল স্কেনিং কৰোৱাৰ লগতে মূল প্ৰৱেশ পথত থকা ছেনিটাইজেছন চেম্বাৰৰ মাজেৰে যাব লাগিব।
  • প্ৰত্যেক ভক্তক সৰ্বাধিক ১৫ মিনিট সময় দৰ্শনৰ বাবে দিয়া হ’ব।
  • মাস্ক পৰিধান নকৰা ভক্তক মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।
  • সকলো ভক্তই সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব।