NORTHEAST NOW (Assamese)

বিজেপিক ভোট নিদিবলৈ আহ্বান জনোৱা অগপৰ ১০জন বিষয়ববীয়াক বহিষ্কাৰ

April 23, 2019 10:21 am · এন ই নাও নিউজ
Updated: April 23, 2019 3:00 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি বাৰে বাৰে কৈ থকাৰ পাছতো আঞ্চলিক দল অসম গণ পৰিষদে বিজেপিৰে পুনৰ মিত্ৰতা পাশত আবদ্ধ হোৱা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰি এখন সংবাদমেল যোগে বিজেপিক ভোট নিদিবলৈ আহ্বান জনোৱা দিচপুৰ সমষ্টিৰ ১০ গৰাকী অগপৰ বিষয়ববীয়াক সোমবাৰে দলৰ পৰা বহিষ্কাৰ কৰে।

আঞ্চলিক দলটোৰ কামৰূপ জিলাৰ সভাপতি জ্যোতিপ্ৰসাদ দাসে এক বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে। দলটোৰ পৰা বহিষ্কৃত বিষয়ববীয়াসকল হ’ল- কামৰূপ জিলাৰ উপ সভাপতি অৰূপ বৰা, প্ৰচাৰ সম্পাদক জনেশ্বৰ মেধি, ধূপগুৰি আঞ্চলিকৰ সভাপতি দেবাৰুণ কৈৰী, দিচপুৰ সমষ্টিৰ সমন্বয় সমিতিৰ উপদেষ্টা দীগেন বংজাং, আৰু অজিত দত্ত।

ইয়াৰ উপৰি দিচপুৰ সমষ্টি সমিতিৰ সদস্য ক্ৰমে ৰাণু বৰুৱা, নয়নমণি কলিতা, প্ৰদীপ বড়ো, উমেশ দৈমাৰী আৰু বুৰহান আলীকো দলবিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত বহিস্কাৰ কৰে।

উল্লেখ্য যে যোৱা ১৮ এপ্ৰিলত সোণাপুৰ অগপৰ কাৰ্যালয়ত দিচপুৰ সমষ্টিৰ অন্তৰ্গত ১৬ খন আঞ্চলিক কমিটিৰ হৈ কেইজনমান বিষয়ববীয়াই এখন সংবাদমেলৰ আয়োজন কৰি কোনো কাৰণতে বিজেপিৰে অগপৰ মিত্ৰতা মানি নলয় বুলি উল্লেখ কৰি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিজেপিক ভোট নিদিবলৈ আহ্বান জনাইছিল।

ইয়াৰ উপৰি কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয় বুলি উক্ত সংবাদমেলতে অতি স্পষ্টকৈ উল্লেখ কৰি অগপৰ কৰ্মীসকলে গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাক ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

১৮ এপ্ৰিলৰ সংবাদমেলত দিচপুৰ সমষ্টিৰ উপ-সভাপতি দীগেন বংজাং, অগপৰ কামৰূপ জিলাৰ উপ-সভাপতি অৰূপ বৰা, প্ৰচাৰ সম্পাদক জনেশ্বৰ মেধিৰ লগতে বহুতো নেতা-কৰ্মী উপস্থিত আছিল।

Related News