NORTHEAST NOW (Assamese)
অসম

কাৰ অনুৰোধত কংগনা ৰাণাৱটক প্ৰদান কৰা হৈছিল y+ নিৰাপত্তা? খোলোচা কৰিলে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 12, 2020 4:18 pm
kan

সুশান্ত ৰাজপুতৰ আত্মহত্যাৰ ঘটনাকলৈ মন্তব্য কৰি শিৱসেনাৰ ৰোষত পৰা বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটক y+  নিৰাপত্তা প্ৰদানকলৈ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

তৃণমূল কংগ্ৰেছৰ সাংসদ  মহুৱা মৈত্রই কংগনাক y+  নিৰাপত্তা প্ৰদান কৰাৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰিছিল।

তেওঁ কৈছিল যে যিটো সময়ত দেশৰ প্ৰতি ১ লাখ লোকৰ বিপৰীতে মাত্ৰ ১৩৪ গৰাকী আৰক্ষী নিয়োগ কৰা হৈছে সেই সময়তে টুইটাৰত কিবা কিবি লিখি থকা লোকক y+  নিৰাপত্তা দিয়াটো কোনো পধ্যে মানি ল’ব পৰা কথা নহয়।

আন বহুতেও চৰকাৰে কংগনাক y+  নিৰাপত্তা প্ৰদান কৰাৰ বিষয়টোক চোকা ভাষাৰে সমালোচনা কৰিছিল।

এনে প্ৰতিক্ৰিয়াৰ মাজতে আজি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিষাণ ৰমেশে কয় যে কংগনাৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰা বুলি অভিনেত্ৰী গৰাকীৰ পিতৃয়ে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰক লিখিত ভাবে জনাইছিল আৰু পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছিল।

কংগনাৰ পিতৃৰ অনুৰোধৰ বিষয়ে হিমাচল প্ৰদেশৰ চৰকাৰে কেন্দ্ৰক জনাইছিল আৰু কেন্দ্ৰই পৰিস্থিতি পৰ্যালোচনা কৰি কংগনাক y+  নিৰাপত্তা প্ৰদানৰ সিদ্ধান্ত লৈছিল।

এইক্ষেত্ৰত আন কোনো ৰাজনীতি নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

উল্লেখ্য শিৱসেনাৰ প্ৰতিবাদৰ মাজতে ৯ ছেপ্তেম্বৰত কংগনাই মুম্বাইত উপস্থিত হৈছিল।