NORTHEAST NOW (Assamese)
অসম

শ্ৰী শ্ৰী আউনীআটী সত্ৰত বিশিষ্ট সংগীত শিল্পী খগেন গগৈক কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনক কণ্ঠ সুধামৃত উপাধি প্ৰদান

Posted by: এন ই নাও নিউজ,টীয়ক Updated by: এন ই নাও নিউজ,টীয়ক September 4, 2022 6:52 pm
শ্ৰী শ্ৰী আউনীআটী সত্ৰত বিশিষ্ট সংগীত শিল্পী খগেন গগৈক কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনক কণ্ঠ সুধামৃত উপাধি প্ৰদান

টীয়কৰ কলিয়পানীস্থিত আউনীআটী সত্ৰৰ শাখা সত্ৰত আজি আউনীআটি সত্ৰৰ পৃষ্ঠপোষকতাত কণ্ঠ শিল্পী খগেন গগৈক কণ্ঠ শিৰোমণি, বিপুল চেতিয়া ফুকনক কণ্ঠ সুধামৃত উপাধি প্ৰদান কৰা হয় ।

এই উপলক্ষ্যত সত্ৰৰ নামঘৰত শিক্ষাবিদ তুৱাৰাম খনিকৰৰ সভাপতিত্বত আয়োজিত এক অনুষ্ঠানত দুয়োজন লোক শিল্পীক এই উপাধি আনুষ্ঠানিকভাৱে প্ৰদান কৰে সত্ৰাধিকাৰ ড০পিতাম্বৰ দেৱ গোস্বামী আৰু ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে ।

এই উপাধিৰ সৈতে শিল্পী দ্বয়ক প্ৰদান কৰে স্বৰ্ণ পদক,মানপত্ৰ,চেলেং, গামোচা,এটি স্মাৰক । এই অনুষ্ঠানত শিল্পীদ্বয়ে ভাষণ প্ৰদান কৰাৰ উপৰি দিহানাম পৰিৱেশণ কৰে ।

সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক গজেন ভূঞাই আঁত ধৰা এই অনুষ্ঠানত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি, ৰাইজ উপস্থিত থাকে।