NORTHEAST NOW (Assamese)
অসম

কপিল শৰ্মাৰ কেফেত খালিস্তানী শিখ উগ্ৰপন্থীৰ আক্ৰমণ; দায়িত্ব স্বীকাৰ আক্ৰমণকাৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 10, 2025 7:39 pm

ভাৰতীয়ক লক্ষ্য কৰি খালিস্তান সমৰ্থক শিখ উগ্ৰপন্থী সংগঠনৰ আক্ৰমণ অব্যাহত আছে। কানাডাত এনেধৰণৰ আন এক আক্ৰমণ সংঘটিত হৈছে। এইবাৰ ভাৰতীয় চেলিব্ৰিটি কপিল শৰ্মাৰ কেফেত আক্ৰমণ সংঘটিত হৈছে। এই আক্ৰমণৰ আঁৰত খালিস্তানী উগ্ৰপন্থী বুলি কোৱা হৈছে।

কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ ছাৰে চহৰত বিখ্যাত কমেডিয়ান কপিল শৰ্মাৰ নতুনকৈ মুকলি কৰা ৰেষ্টুৰেণ্টত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা।

স্থানীয় সময় অনুসৰি বুধবাৰে নিশা সংঘটিত হয় এই আক্ৰমণ। “KAP’S CAFE” নামৰ এই ৰেষ্টুৰেণ্টখনক লক্ষ্য কৰি গুলীচালনা কৰা হৈছিল।এই ঘটনাই স্থানীয় অঞ্চলত এক ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বাতৰি অনুসৰি, ভাৰতৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন বাব্বৰ খালছা ইণ্টাৰনেশ্যনেল (বি কে আই)ৰ সক্ৰিয় সদস্য তথা ভাৰতৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ৰ মষ্ট ৱাণ্টেড হিচাপে তালিকাভুক্ত সন্ত্ৰাসবাদী হৰজিৎ সিং লাড্ডীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। লাড্ডীয়ে দাবী কৰে যে কপিল শৰ্মাই কিছু মন্তব্য কৰিছিল যাৰ প্ৰতিক্ৰিয়াত এই গুলীচালনা কৰা হৈছে।

খবৰ অনুসৰি ৰেষ্টুৰেণ্টখনৰ চৌহদত একাধিক ৰাউণ্ড গুলীচালনা কৰা হয় যদিও এতিয়ালৈকে কোনো লোক হতাহতৰ খবৰ পোৱা হোৱা নাই। ঘটনাৰ লগে লগে স্থানীয় আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি তদন্ত আৰম্ভ কৰে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, আক্ৰমণকাৰীয়ে এখন গাড়ীত উপস্থিত হৈ গুলীচালনাৰ পিছত ক্ষীপ্ৰতাৰে সেই স্থানৰ পৰা ওলাই যায়। এই ঘটনাত কোনো লোক আহত হোৱা নাই।

কমেডিয়ান কপিল শৰ্মাৰ ৰেষ্টুৰেণ্ট কাপছ কেফেত কমেও ৯ ৰাউণ্ড গুলীচালনা হয় বুলি কোৱা হৈছে।

ৰেষ্টুৰেণ্টৰ ব্যৱসায়ত কপিল শৰ্মাৰ প্ৰথম পদক্ষেপ হ’ল কাপ’ছ কেফে। তেওঁৰ পত্নী গিন্নি চত্ৰথ এই উদ্যোগত সক্ৰিয়ভাৱে জড়িত হৈ আছে। কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ ছাৰেত অৱস্থিত এই ৰেষ্টুৰেণ্টখন কিছুদিন পূৰ্বে মুকলি কৰা হৈছিল।

স্থানীয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু হৰজিত লাড্ডীৰ দাবীক কেন্দ্ৰ কৰি আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সহযোগিতাৰো বিষয়টোও চোৱাচিতা কৰা হৈছে।