NORTHEAST NOW (Assamese)

বিটিচি চুক্তি: অবড়ো নহয়, এইবাৰ ঐক্যবদ্ধ হুংকাৰ কাৰ্বি সংগঠনৰ

December 4, 2018 10:59 pm · নংগি তেৰন
Updated: December 4, 2018 11:21 pm
ডিফুত একেই বিৰোধিতাৰে যোৱা ৩১ মে, ২০১৬ত কাৰ্বি সংগঠনসমূহৰ ৰে’ল অৱৰোধ। ছবি- কাৰ্বি অৱ নৰ্থ ইন্দিয়াৰ পে’জৰ।

বিটিএদিত বঞ্চনাৰ অভিযোগ তুলি অবড়োসকলে বিভিন্ন সময়ত প্ৰতিবাদ কৰি অহাৰ বিপৰীতে বিটিচি চুক্তিৰ ৮ নং দফাৰ জৰিয়তে বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্য্যাদা “দিব খোজা” কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ ঐক্যবদ্ধ হুংকাৰ দিছে অসমৰ আন এটা বৃহৎ জনজাতি কাৰ্বিসকলে।

কাৰ্বিসকলৰ দীৰ্ঘদিনীয়া সুকীয়া ৰাজ্য দাবী মীমাংসা নকৰি কেন্দ্ৰ চৰকাৰে ওলোটাই অসমৰ পাহাৰীয়া জিলাকেইখনত বড়োসকলক পাহাৰীয়া জনজাতিৰ মৰ্য্যাদা দিব খোজাৰ প্ৰতিবাদত দিল্লী গমনৰ যো-জা কৰিছে তিনিটা কাৰ্বি সংগঠনে।

“দুখৰ কথা হৈছে যোৱা ৩০-৪০ বছৰে কাৰ্বি আংলঙৰ জনসাধাৰণে আন্দোলন চলাই অহা স্বায়ত্ত শাসিত ৰাজ্যৰ দাবী আজিও পূৰণ হোৱা নাই। তেনেস্থলত এতিয়া কেন্দ্ৰৰ বিজেপি চৰকাৰে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্য্যাদা দিবলৈ আগবাঢ়িছে। বিটিচি চুক্তিৰ ৮ম অধ্যায়ৰ বিৰোধিতা কৰি অহা ৭ ডিচেম্বৰত আমি ভাৰতৰ অনুসূচিত জাতি আৰু জনজাতি পঞ্জীয়ক ৰাষ্ট্ৰীয় পৰিষদৰ অধ্যক্ষ নন্ধ কুমাৰ চাইক লগ কৰিম,” মঙলবাৰে সংবাদমেলযোগে এই মন্তব্য কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰসিং ক্ৰ’ৰ।

বিটিচি সম্পৰ্কে সম্পূৰ্ণ বুজাবুজি চুক্তিখন পঢ়িবলৈ ইয়াত ক্লিক কৰক

ডিফুত কাৰ্বি সংগঠনকেইটাৰ মঙলবাৰৰ সংবাদমেল। ছবি- নৰ্থ ইষ্ট নাও।

কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ “অসাংবিধানিক” বুলি অভিহিত কৰি প্ৰতিবাদত নতুন দিল্লীলৈ ওলোৱা যুটীয়া দলটো কাৰ্বি সংগঠন কাৰ্বি লামেট আমেই, কাৰ্বি সাংস্কৃতিক সমাজ আৰু হিলছ ত্ৰাইব লীগৰ প্ৰতিনিধিৰে গঠিত হৈছে।

“বড়োসকলৰ দাবীৰ ক্ষেত্ৰত সংবিধানত কোনো ব্যৱস্থা নাই। কাৰ্বিসকলে সংবিধানৰ ২৪৪ (এ) প্ৰবন্ধৰ অধীনত স্বায়ত্তশাসিত ৰাজ্য দাবী কৰি আহিছে,” কে এল এৰ কাৰ্য্যালয়ত অনুষ্ঠিত যুটীয়া সংবাদমেলত এই মন্তব্য ক্ৰ’ৰ।

বড়োসকল কাৰ্বিসকলতকৈ শৈক্ষিক আৰু অৰ্থনৈতিকভাৱে “বহুত আগবঢ়া” বুলি উল্লেখ কৰি “ভুল বুজাবুজি”ৰ পৰা আঁতৰি থকা আৰু “জনজাতীয় ঐক্য”ৰ স্বাৰ্থত চুক্তিখনৰ ৮ম অধ্যায়ত “ধৰি নাথাকিবলৈ” আহ্বান জনাইছে হিলছ ত্ৰাইবছ লীগৰ অধ্যক্ষ চইসিং ৰংপিয়ে।

আনহাতে ১৯৫০ চনৰ জনজাতি সম্পৰ্কীয় নিৰ্দেশটোত জনজাতীয়ৰ তালিকাৰ ২য় খনতহে বড়োসকল থকাৰ কথা উল্লেখ কৰে কে এল এৰ সভাপতি সুৰেন ক্ৰামছাই।

কেন্দ্ৰৰ বিজেপি চৰকাৰে এই সিদ্ধান্ত ল’লে “সাংবিধানিক অচলাৱস্থা”ৰ সৃষ্টি হ’ব বুলিও মন্তব্য কৰিছে কাৰ্বি সংগঠনকেইটাই।

Related News