চুমা চুমা চুমা চুমা মিঠা মন! কিয় কৰিশ্মাই পাহৰিব পৰা নাই সেই স্মৃতি?

এসময়ত অভিনয় জগতত কাপুৰ পৰিয়ালৰ বোৱাৰী তথা ছোৱালীসকলৰ প্ৰৱেশ নিষিদ্ধ আছিল। এই পৰম্পৰা ভাঙিছিল ববিতাই। তাৰ দীৰ্ঘ বিৰতিৰ পাছত বলীউদত প্ৰৱেশ কৰি আলোড়ন তুলিছিল কৰিশ্মা কাপুৰে।
নব্বৈৰ দশকত কৰিশ্মাৰ এখনৰ পাছত আন এখন হিট ছবিয়ে বক্স অফিচত খলকনি তুলিছিল। ইয়াৰ পাছত ২০০৩চনত ব্যৱসায়ী সঞ্জয় কাপুৰৰ সৈতে বিয়াত বহাৰ পাছত সুদীৰ্ঘ দিন ছবি জগতৰ পৰা আঁতৰি থাকে কৰিশ্মা।
শেহতীয়াকৈ কৰিশ্মা উভতি আহিছে আৰু অ’ টি টি প্লেটফৰ্মলৈত মুক্তি লাভ কৰিছে ৱেব ছিৰিজ ‘মেন্টেলহুড’।
ইয়াৰ মাজতে শেহতীয়াভাৱে কৰিশ্মাৰ এটি পুৰণি সাক্ষাৎকাৰৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। য’ত তেওঁ ৰাজা হিন্দুস্তানী ছবিত আমিৰ খানৰ সৈতে অনস্ক্ৰীণ ছবিত চুম্বন কৰাৰ কথা সদৰী কৰিছে।
সাক্ষাৎকাৰটোত কৰিশ্মাই কয়,’’ৰাজা হিন্দুস্তানী ছবিখনত চুম্বনৰ দৃশ্যৰ বাবে আমি খুব কষ্ট কৰিবলগীয়া হৈছিল। মনত পৰে, সেইদিনা ৰাণিখেতত প্ৰবল বৰষুণ। মই পাতল চিফনৰ পোছাক পিন্ধিছিলো। ঠাণ্ডাত কঁপিছিলো। দুয়োজনেই সম্পূৰ্ণ তিতি পৰিছিলো। সেই সময়ত এডাল গছৰ তলত আমিৰে মোৰ ওঁঠত ওঁঠত ৰাখিছিল। দৃশ্যটো বহুবাৰ ৰিটেক কৰা হৈছিল। শ্বুটিঙ কৰি ভাগৰি পৰিছিলো। পাছত জানিব পাৰো যে সেই সময়ৰ চলচ্চিত্ৰৰ আটাইতকৈ দীঘলীয়া চুম্বনৰ দৃশ্য আছিল সেইটো।‘’
তাৰ মাজতে এমোকাৰ হাঁহিৰে কৰিশ্মাই ক’লে ৰূপালী পৰ্দাত আমিৰক চুমা খোৱাৰ কথাটো তেওঁ আজিও পাহৰিব পৰা নাই।
বৰ্তমান কৰিশ্মা কাপুৰ ছবিৰ সৈতে তেনেদৰে জড়িত নহ’লেও বিভিন্ন কোম্পানীৰ বিজ্ঞাপনৰ লগতে ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত বহু ডিজাইনাৰৰ বাবে ৰেম্পত খোজ দিছে। তদুপৰি, বি টাউনৰ ডাঙৰ পাৰ্টিবোৰতো দেখা যায় কৰিশ্মাক।