NORTHEAST NOW (Assamese)
Popular Stories

আকৌ হিজাব বিতৰ্ক! হিজাব পৰিধানেৰে পৰীক্ষা দিয়াৰ অনুমতি বিচাৰি ন্যায়ালয়ত শিক্ষাৰ্থী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 23, 2023 7:57 am

হিজাব বিতৰ্কই কেইমান মাহ পূৰ্বে দেশৰ ৰাজনীতি উত্তাল কৰি গৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ হিজাবৰ সমৰ্থন আৰু বিৰোধত হোৱা বাদ প্ৰতিবাদে জোকাৰি গৈছিল। আনকি ঠাই বিশেষে এনে প্ৰতিবাদে হিংসাত্মক ৰূপো ধাৰণ কৰিছিল। অৱশেষত বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়া পায়গৈ।

এইবাৰ আকৌ এই হিজাব বিতৰ্কৰে উকমুকণি দেখা গৈছে।বুধবাৰে উচ্চতম ন্যায়ালয়ে হিজাব সম্পৰ্কীয় এক আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে কৰ্ণাটক চৰকাৰী শিক্ষানুষ্ঠান ছাত্ৰীক হিজাব পৰিধান কৰি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অনুমতি বিচাৰি দিয়া আবেদনৰ ওপৰত বিবেচনা কৰা হ’ব।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুডৰ নেতৃত্বত গঠিত বিচাৰপীঠে জনোৱা মতে, হিজাব পৰিধানৰ নিষেধাজ্ঞাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিভাজিত ৰায়দানৰ পিছত ৯ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া পৰীক্ষাত ছাত্ৰীক হিজাব পৰিধানৰ অনুমতি দিয়া হোৱা নাই।

“তেওঁলোকে হিজাব পৰিধান কৰিছে। যদি তেওঁলোকে হিজাব পিন্ধিছে গৈছে তেওঁলোকক পৰীক্ষা হলৰ ভিতৰত সোমাবলৈ দিয়া হোৱা নাই। কেৱল এই দিশটোৰ ওপৰতহে ন্যায়ালয়ে অহা সোমবাৰ বা শুকুৰবাৰে ইয়াক তালিকাভুক্ত কৰাৰ কথা চিন্তা কৰিব পাৰে।” অধিবক্তা শ্বাদান ফাৰাছাটে কয়।

ন্যায়াধীশ পি এছ নৰসিংহকো সামৰি লোৱা বিচাৰপীঠত তেওঁ কয় যে হিজাব পৰিধানৰ নিষেধাজ্ঞাৰ বাবেই কেইগৰাকীমান ছাত্ৰীয়ে ব্যক্তিগত প্ৰতিষ্ঠানলৈ গুচি গৈছিল যদিও চৰকাৰী প্ৰতিষ্ঠানত পৰীক্ষা দিবলগীয়া হৈছে। অনুমতি নিদিলে তেওঁলোকে আৰু এটা শিক্ষা বৰ্ষ হেৰুৱাৰ আশংকা আছে বুলিও তেওঁ কয়।

ইয়াৰ পাছতে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূডে এই বিষয়টো বিবেচনা কৰা হ’ব বুলি মন্তব্য কৰে।