NORTHEAST NOW (Assamese)
Popular Stories

আজি হ’ব দেশৰ আটাইতকৈ ব্যয়বহুল বিয়া; মন্ত্ৰ পাঠৰ বাবে আমন্ত্ৰণ ৫০০ পুৰোহিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 5, 2020 10:44 am
indian-marriage-1

আজি কৰ্ণাটকত সম্পন্ন হ’বলগীয়া এখন বিয়াক লৈ ৰাজ্যখনৰ লগতে সমগ্ৰ দেশতে তীব্ৰ ৰূপত চলিছে চৰ্চা। চৰ্চা চলাৰ কাৰণ, এনে ধৰণৰ বিয়া সাধাৰণতে চিনেমাতহে দেখিবলৈ পোৱা যায়।

সাধাৰণ লোকৰ বাবে কল্পনাতীত এই বিয়াখন কৰ্ণাটকৰ বিজেপিৰ শীৰ্ষ নেতা শ্ৰীৰামলুৰ জীয়েকৰ। বিয়াত মন্ত্ৰ পাঠ কৰাবলৈ ৫০০ৰো অধিক পুৰোহিতক আমন্ত্ৰণ কৰিছে।

নেতাগৰাকীয়ে নিজৰ মৰমৰ জীয়েকৰ বিয়াৰ বাবে ১০০-২০০ কোটি টকা নহয় ৫০০ কোটি টকা খৰচ কৰিব। টকা খৰচ কৰিবলৈ লোৱা মাত্ৰাটোৱে এতিয়া দেশজুৰি চৰ্চাৰ বিষয়।

xfgnfxghfxg

কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী তথা বিজেপিৰ সংকটমোচক হিচাপে পৰিচিত শ্ৰীৰামলুৰ জীয়েক ৰক্ষিতাৰ বিয়াত এক লাখ লোকক নিমন্ত্ৰণ জনাইছে। ইমান অতিথিক ব্যক্তিগতভাৱে নিমন্ত্ৰণ জনোৱাতো অসম্ভৱ সেয়ে সংবাদ মাধ্যমৰ জৰিয়তেই বিয়াত উপস্থিত থাকিবলৈ অনুৰোধ জনায়।

আজি অনুষ্ঠিত হ’ব লগীয়া এই বিয়াখন দেশৰ সবাটোকৈ ডাঙৰ আৰু ব্যয়বহুল বিয়া বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য যে বিশেষভাৱে আয়োজিত এই বিয়াখনৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ লগতে দেশৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ ৰাজনৈতিক নেতা আৰু উদ্যোগপতিক নিমন্ত্ৰণ জনোৱা হৈছে বুলি জানিব পৰা যায়।

বিয়াত অংশ লোৱা অতিথিসকলৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছে তাজ ৱেষ্ট ইণ্ড হোটেলত। বিয়াখনৰ বাবে ব্যৱহাৰ কৰা হৈছে ৪০ বিঘা মাটি। ইয়াৰে ১৫ বিঘা পাৰ্কিং, খোৱাৰ বাবে ৬ বিঘা আৰু বাকীখনি বিয়া মণ্ডপত ব্যৱহাৰ কৰা হৈছে।