NORTHEAST NOW (Assamese)
Popular Stories

কা বিৰোধী কবিতাৰ বাবে এজন কবি আৰু সম্পাদকক গ্ৰেপ্টাৰ কৰ্ণাটক আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 20, 2020 9:41 am
kannada-poet-journalist1

এটা কা বিৰোধী কবিতাৰ বাবে কৰ্ণাটকত আৰক্ষীয়ে গ্ৰেপ্টাৰ কৰিছে এজন কবি আৰু সম্পাদকক।

উত্তৰ কৰ্ণাটকৰ ক’প্পাল জিলাত গ্ৰেপ্টাৰ কৰে কবি চিৰাজ বিচাৰাল্লী আৰু সম্পাদক ৰাজাবাক্সী এইছ ভিক কৰ্ণাটক আৰক্ষীয়ে।

‘যেতিয়া তুমি তোমাৰ ডকুমেন্টছ দিবা?’ শীৰ্ষক কবিতাটো কবি বিচাৰাল্লীয়ে এনেগুণ্ডা বাৰ্ষিক সাংস্কৃতিক উৎসৱত আবৃত্তি কৰিছিল। উক্ত কবিতাটোৰ আবৃত্তিৰ ভিডিঅ’টো ‘কান্নাড়ানেট.কম’ৰ সম্পাদক ৰাজাবাক্সীয়ে এইছ ভিয়ে যোৱা ১৪ ফেব্ৰুৱাৰীত চ’ছিয়েল মেডিয়াত ভাইৰেল কৰিছিল।

যোৱা ২৪ জানুৱাৰীত বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক শিবু আৰাকেৰীয়ে এই ভিডিঅ’টোৰ বিৰুদ্ধে গণৱঠি গ্ৰাম্য আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। সেই এজাহাৰ ভিত্তিতে কিব আৰু সম্পাদকজনক কৰ্ণাটক আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ চেকচন ৫০৫ অধীনত গ্ৰেপ্টাৰ কৰে।

বিচাৰাল্লী আৰু ৰাজাবাক্সীয়ে মঙ্গলবাৰে জিলা ক’ৰ্ট আত্মসমৰ্পণ কৰি অন্তৱৰ্তী জামিন আবেদন কৰিছিল যদিও আদালতে সেই জামিন আবেদন নাকচ কৰে।

‘এজন বিজেপি নেতাৰই ভাৰতীয় দণ্ডবিধি আইনৰ ৫০৫ ধাৰাৰ অধীনত চিৰাজ আৰু ৰাজাবাক্সীৰ বিৰুদ্ধে গোজৰ ৰুজুৰ কৰিছিল। তেওঁলোক দুয়ো আদালত আত্মসৰ্পণ কৰে। গোচৰটোৰ তদন্ত আৰম্ভ কৰা হৈছে।’ গংগাৱতীৰ আৰক্ষীৰ উপ অধীক্ষক বি পি চন্দ্ৰশেখৰে এইদৰে কয়।

উল্লেখ্য যে, এনেগুণ্ডী উৎসৱ পাঁচ বছৰৰ বিৰতিৰ পিছত এইবাৰ আয়োজন কৰা হৈছিল আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে য়েডুয়াৰাপ্পাই উপ মুখ্যমন্ত্ৰী চি এম লক্ষ্মণ চাভিদি আৰু সাংস্কৃতিক পৰিক্ৰমাৰ মন্ত্ৰী চি টি ৰবিৰ উপস্থিতিত যোৱা ৯ জানুৱাৰীত মুকলি কৰিছিল।