NORTHEAST NOW (Assamese)
দেশ

পুনৰ উত্তপ্ত কাশ্মীৰ! নিশা সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ গুলীচালনাত আহত এজন জোৱান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 15, 2025 3:23 pm
পুনৰ উত্তপ্ত কাশ্মীৰ! নিশা সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ গুলীচালনাত আহত এজন জোৱান

জম্মু-কাশ্মীৰৰ পুঞ্চ অঞ্চলত পুনৰ প্ৰতিধ্বনিত হৈছে সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত অবিৰত গুলীচালনাৰ শব্দ। সোমবাৰে নিশা সেনাই তথ্য লাভ কৰি সন্ত্ৰাসবাদী আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ অভিযান আৰম্ভ কৰে। যদিও আপাততঃ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়, তথাপিও দুয়োপক্ষৰ মাজত হোৱা গুলীচালনাত এজন জোৱান আহত হয়।

জানিব পৰা মতে, পুঞ্চৰ চুৰকোটত এদল সন্ত্ৰাসবাদীয়ে প্ৰৱেশ কৰা বুলি সেনাই গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল। সেই অনুসৰি যোৱা নিশা আৰক্ষী আৰু সেনাই যৌথ তালাচী অভিযান আৰম্ভ কৰে। অভিযানৰ সময়ত দুই পক্ষৰ মাজত গুলীচালনা আৰম্ভ হয়। দুয়োপক্ষৰ মাজত হোৱা গুলীচালনাত আহত হয় এজন জোৱান।

গোটটোত কিমান সন্ত্ৰাসবাদী আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে সন্ত্ৰাসবাদীৰ সন্ধান অব্যাহত ৰাখিছে সেনাই। সন্ত্ৰাসবাদী পলায়ন কৰিব নোৱাৰাকৈয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰাজৌৰীত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰিছিল। সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ বন্ধ কৰাত সেনা সফল হৈছিল। অৱশ্যে উগ্ৰপন্থী আৰু সেনাৰ মাজত সংঘৰ্ষত এজন জোৱান সহ দুজন লোক নিহত হয়।