NORTHEAST NOW (Assamese)
Popular Stories

কাশ্মীৰৰ পুলৱামাত সহযোগীসহ দুই সন্ত্ৰাসবাদী নিহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 26, 2020 5:28 pm
death-1

কাশ্মীৰৰ পুলৱামা জিলাত শনিবাৰে পুনৰ সহযোগীসহ দুই সন্ত্ৰাসবাদী নিহত হৈছে।

ইয়াৰ ফলত দক্ষিণ কাশ্মীৰ জিলাখনত যোৱা ২৪ ঘণ্টাত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা হৈছে পাঁচলৈ বৃদ্ধি পালে।

দুই সন্ত্ৰাসবাদীৰ লগত তিনি লিংকমেনসহ মুঠ পাঁচজন লোক নিহত হৈছে বুলি আৰক্ষীয়ে দাবী কৰিছে।

পুলৱামা জিলাত গুৰিপুৰা আৰু আৱন্তীপুৰত ‘কাৰ্ডন-এণ্ড-চাৰ্ছ’ অ’পাৰেশ্যনত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত উক্ত সহযোগীৰ সৈতে দুই সন্ত্ৰাসবাদী নিহত হৈছে বুলি আই জি পি বিজয় কুমাৰ কাশ্মীৰত জানিবলৈ দিয়ে।

‘দুই অচিনাক্ত সন্ত্ৰাসবাদী আৰু এক সহযোগী নিহত হৈছে। অভিযান এতিয়াও অব্যাহত আছে।’ আই জি পি বিজয় কুমাৰে কয়।