NORTHEAST NOW (Assamese)

দুটকীয়া বাতৰি কাকতত অমূল্য উপহাৰ,পুৱাই হতবাক পঢ়ুৱৈ

July 23, 2020 6:50 pm · এন ই নাও নিউজ

এখন দুটা মূল্যৰ বাতৰি কাকত। কাকত খনৰ পঢ়ুৱৈৰ সংখ্যা পিছে কম নহ’য়।

পুৱাই কাকত খন হাতত লৈ হতবাক হৈ পৰিল পঢ়ুৱৈ।

কাৰণ কাকত খনৰ প্ৰথম পৃষ্ঠাতেই লিপিট খাই আছিল একোটাকৈ মাস্ক।

মাস্ক লগাই থোৱা স্থানৰ তলতে লিখা আছিল—ক’ৰ’ণা ভাইৰাছক প্ৰতিহত কৰাৰ বাবে মাস্ক পৰিধান কৰক।মাস্ক পিন্ধি সুৰক্ষিত থাকক।

কাশ্মীৰৰ শ্ৰীনগৰৰ পৰা প্ৰকাশ পোৱা উৰ্দু ভাষাৰ কাকত ‘ৰোশনী’ৰ এনে সজাগতামূলক কাৰ্যসূচীয়ে সকলোকে মোহিত কৰিবলৈ সক্ষম হৈছে।

মাত্ৰ দুটকা মূল্যৰ কাকত ‘ৰোশনী’য়ে এনেদৰে সাম্প্ৰতিক সময়ত অমূল্য সম্পদ হিচাবে পৰিগণিত হোৱা মাস্ক প্ৰতিখন কাকতৰ সৈতে বিনামূলীয়াকৈআগবঢ়োৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে পঢ়ুৱৈ সকল।

একাংশ পঢ়ুৱৈয়ে এই প্ৰসংগত কয় যে কাকত খনে কিমান দামী উপহাৰ আগবঢ়াইছে সেয়া ডাঙৰ কথা নহয়।

কিন্তু মাস্ক উপহাৰৰ জৰিয়তে কাকত খনে সমাজলৈ যি বাৰ্তা কঢ়িয়াই নিয়াৰ চেষ্টা চলাইছে সেয়াহে ডাঙৰ কথা।

পুৱাই টোপনিৰ পৰা উঠি এনে অমূল্য উপহাৰ লাভ কৰাটো বহু কম লোকৰ  ভাগ্যতহে মিলে বুলিও বহুতে আলোচনা কৰা দেখা গৈছে।

Related News