NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সপ্তম, অষ্টম আৰু নৱম সংযোজনৰ আনুষ্ঠানিক ঘোষণা

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 3, 2020 7:13 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূৰ্বৰ ৬ টা সংযোজনৰ পাচত অসম চৰকাৰে আজি আৰু তিনিটা সংযোজনৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷

চৰকাৰী ঘোষণা অনুসৰী নগাঁও জিলাৰ দেওঁচূড় আৰু পালখোৱাৰ লগতে দেওঁচূড় পাহাৰৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ মুঠ ১৭৬ হেক্টৰক কাজিৰঙাৰ সপ্তম সংযোজন এলেকা হিচাবে ঘোষণা কৰা হয় ৷

একেদৰে নগাঁও জিলাৰে বান্দৰডুবি অঞ্চলৰ মুঠ ৩০৭ হেক্টৰ ভূমিক কাজিৰঙাৰ অষ্টম সংযোজন আৰু শোণিতপুৰ জিলাৰ মৌখোৱা চাপৰিৰ মুঠ ২৫৭০ হেক্টৰ ভুমিক কাজিৰঙাৰ নৱম সংযোজন হিচাবে অন্তৰ্ভুক্ত কৰা হৈছে ৷ 

উল্লেখ যোগ্য যে, সদ্য ঘোষিত কাজিৰঙাৰ সপ্তম আৰু অষ্টম সংযোজন এলেকাত ২০১৬ চনৰ ১৯ চেপ্তেম্বৰৰ দিনা অসম চৰকাৰে চলোৱা উচ্চেদ অভিযানত অঞ্চলটোৰ পৰা মুঠ ৩৩২ টা পৰিয়ালক উচ্চেদ কৰা হৈছিল ৷ ইয়াৰে  নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্রৰ অন্তর্গত বান্দৰডুবিৰ ২০৬ টা, দেওঁচুড় চাঙৰ ১১৪ টা আৰু পালখােৱাৰ ১২ টা পৰিয়ালক এই অঞ্চলৰ পৰা উচ্ছেদ কৰা হৈছিল । 

এই উচ্চেদিত পৰিয়াল সমূহক পুনৰ সংস্থাপনৰ বাবে মুঠ ২২,৮৪ লাখ টকাৰ ক্ষতিপুৰণৰ প্রস্তাৱ অসম চৰকাৰলৈ প্ৰেৰণ কৰিছিল ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে ৷

ইতিমধ্যে বান্দৰড়ুবি আৰু পালখােৱাৰ পট্টাভুক্ত মাটিৰ পৰা উচ্ছেদিত হােৱা লােক সকলক ১৪.৭১ কোটিৰো অধিক টকাৰ  ক্ষতিপুৰণ হিচাব অসম চৰকাৰে আৱন্তন দিয়া বুলি বিধানসভাত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী যোগেন মহনে ঘোষণা কৰিছিল ৷

 কাজিৰঙাৰ সপ্তম আৰু অষ্টম সংযোজন হিচাবে ঘোষিত কলিয়াবৰ মহকুমাৰ দেওঁচূড় আৰু পালখোৱা অঞ্চল সম্প্ৰতি কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে অতি গুৰুত্বপূৰ্ণ আৱাস হিচাবে গঢ়ি উঠাৰ  লগতে কাজিৰঙাৰ পৰ্যটনৰ বাবেও অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷

একেদৰে শোণিতপুৰৰ মৌখোৱা অঞ্চলো ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ বাবে অতিগুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷