NORTHEAST NOW (Assamese)
Popular Stories

কাজিৰঙাত চৰকাৰী অৰ্কিড উদ্যান স্থাপনক লৈ বিতৰ্ক: চৰকাৰৰ বিৰুদ্ধে প্ৰতিশোধৰ ৰাজনীতিৰ অভিযোগ বিধায়ক অখিল গগৈৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 3, 2026 12:15 pm

কাজিৰঙাত অসম চৰকাৰে মুকলি কৰিবলৈ ওলোৱা এখন নতুন চৰকাৰী অৰ্কিড উদ্যানক লৈ ৰাজ্যৰ ৰাজনৈতিক আৰু সামাজিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বিগত ১১ বছৰ ধৰি পৰিচালিত হৈ অহা ‘কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ-বৈচিত্ৰ্য উদ্যান‘ক প্ৰতিযোগিতাৰ নামত নিঃশেষ কৰাৰ উদ্দেশ্যে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

বিধায়কগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি, বৰ্তমানৰ বিজেপি চৰকাৰে জনসাধাৰণৰ সৃষ্টিশীলতাক স্বীকৃতি দিয়াৰ পৰিৱৰ্তে ইয়াৰ বিৰুদ্ধে এক সুপৰিকল্পিত আৰু নীচ চক্ৰান্তত লিপ্ত হৈছে। তেওঁ অভিযোগ কৰে যে চৰকাৰে সমগ্ৰ অসমৰ যিকোনো স্থানত এনে উদ্যান স্থাপন কৰিব পাৰিলেহেঁতেন, কিন্তু কৃষক মুক্তিৰ অৰ্কিড উদ্যানখনৰ মাত্ৰ ৩-৪ কিলোমিটাৰ দূৰত্বত একে নাম আৰু আৰ্হিৰে নতুন উদ্যানখন গঢ়ি তোলাটো চৰকাৰৰ বৌদ্ধিক দৈন্যতা আৰু প্ৰতিশোধপৰায়ণ চৰিত্ৰৰ প্ৰকাশ। নিজস্ব পৰিকল্পনা আৰু আৰ্হিক হুবহু নকল কৰি, গঢ়ি উঠা এক জাতীয় সম্পদক ধ্বংস কৰিবলৈ চৰকাৰে লোৱা এই স্থিতি অসমীয়াৰ স্বাভিমানৰ ওপৰত এক কুঠাৰাঘাত বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখযোগ্য যে, কেৱল এখন পৰ্যটনস্থলী হিচাপে নহয়, কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ-বৈচিত্ৰ্য উদ্যানখন অসমৰ ভূমিপুত্ৰৰ স্বকীয় চিন্তা, শ্ৰম আৰু এক বিকল্প উন্নয়নৰ বিৰল দলিল হিচাপে পৰিচিত। সমবায়ভিত্তিক আৰ্হিৰে পৰিচালিত এই উদ্যানখনে অসমীয়া সংস্কৃতিৰ বিচিত্ৰতা, জনগোষ্ঠীয় পৰম্পৰা আৰু দুৰ্লভ অৰ্কিডৰ সংৰক্ষণেৰে বিশ্বৰ মানচিত্ৰত এক বিশেষ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰতি বছৰে ৰাজ্য চৰকাৰক কোটি টকাৰ ৰাজহ আদায় দি অহা এই উদ্যানখনক চৰকাৰে শত্ৰু হিচাপে গণ্য কৰি ধ্বংস কৰিবলৈ বিচৰাটো সমগ্ৰ অসমীয়া জাতিটোৰ বাবেই এক বৃহৎ লোকচান বুলি বিধায়কগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে।

পূৰ্বেও আদৰ্শগত মতানৈক্য আৰু ৰাজনৈতিক শত্ৰুতাৰ বাবেই চৰকাৰৰ লক্ষ্য হৈ পৰা এই অৰ্কিড উদ্যানখনৰ ক্ষতিসাধন কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কৌশলগতভাৱে নামি পৰা বুলি তেওঁ দাবী কৰে। চৰকাৰী শক্তি ব্যৱহাৰ কৰি এনেকৈ এটা জাতীয় গৌৰৱক নিঃশেষ কৰিব খোজা কাৰ্য গণতন্ত্ৰৰ বাবে এক কলংকিত অধ্যায় বুলি অভিহিত কৰি তেওঁ কয় যে অসমৰ সচেতন সমাজে ইয়াক কেতিয়াও সহজভাৱে গ্ৰহণ নকৰে। গঠনমূলক সমালোচনা বা প্ৰতিযোগিতাৰ সলনি কাৰোবাক নিঃশেষ কৰাৰ অভিপ্ৰায়েৰে গ্ৰহণ কৰা এনে পদক্ষেপে ৰাজ্যৰ ভৱিষ্যতৰ বাবে এক বেয়া নজিৰ সৃষ্টি কৰিব বুলিও বিধায়কগৰাকীয়ে সকীয়াই দিয়ে।