NORTHEAST NOW (Assamese)

গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

August 16, 2025 6:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 15, 2025 7:35 pm

বিবাহৰ মূল ভেটি হৈছে বিশ্বাস। কিন্তু স্বামী-স্ত্ৰীৰ মাজত অশান্তি থাকেই। যেতিয়া তেওঁলোকৰ মাজত কোনো সমস্যাৰ সৃষ্টি হয়, তেতিয়া বহুতে নিজৰ ব্যক্তিগত কথাবোৰ বন্ধু-বান্ধৱ বা পৰিয়ালৰ সদস্যৰ আগত প্ৰকাশ কৰে। কিন্তু বিবাহ জীৱনত সদায় মনত ৰাখিব লাগে ব্যক্তিগত কথা স্বামী-স্ত্ৰীয়ে তৃতীয় পক্ষক কোৱা উচিত নহয়।

সকলোৰে ভুল আৰু দোষ থাকে। কোনোৱেই নিখুঁত নহয়। সেই ভুল, সমস্যা, দুৰ্বলতাৰ বিষয়ে আপোনাৰ সংগীয়ে জনাটো স্বাভাৱিক। কিন্তু মনত ৰাখিব, এইটো আপোনালোকৰ মাজৰ বিশুদ্ধ ব্যক্তিগত বিষয়। এই বিষয়ে দুজনৰ বাহিৰে আন কাৰোৱেই জনাৰ অধিকাৰ নাই। ইয়াৰ পিছতো বহুতে নিজৰ সংগীৰ দুৰ্বলতা আৰু ভুলবোৰ বন্ধু-বান্ধৱীৰ আগত প্ৰকাশ কৰি নিজকে অসহায় বুলি প্ৰমাণ কৰে। ভুলতে এই কাম নকৰিব। যদি আপোনাৰ সংগীয়ে এই বিষয়ে কোনো ধৰণে গম পায় তেন্তে তেওঁৰ মন আৰু বিশ্বাস ভাঙি যাব, আৰু আপুনি যিমানেই চেষ্টা নকৰক কিয় সম্পৰ্কটো আৰু কেতিয়াও স্বাভাৱিক নহব।

বৈবাহিক বিবাদ অতি স্বাভাৱিক কথা। দুজন মানুহৰ বাবে সদায় একমত হোৱাটো কাৰ্যতঃ অসম্ভৱ। কিন্তু যদি আপোনালোকৰ মাজত কোনো মতানৈক্য হয় তেন্তে তৃতীয় ব্যক্তিক নকব। মনত ৰাখিব, কিছু সময়ৰ পাছত আপোনাৰ সমস্যাবোৰ সমাধান হব পাৰে। কিন্তু আপুনি যিজনৰ লগত মতানৈক্যৰ কথা কৈছে তেওঁ গোটেই জীৱন মনত ৰাখিব। আপোনাৰ সংগীৰ বিষয়ে তেওঁৰ এটা বেলেগ ধাৰণা থাকিব। যিটো কোনো কাৰণতে বাঞ্ছনীয় নহয়।

বিবাহ জীৱনত ধন আৰু কেৰিয়াৰ অতি গুৰুত্বপূৰ্ণ। কিন্তু আপোনাৰ সংগীৰ আয়-ব্যয়ৰ হিচাপ আনক নিদিব। ইয়াৰ ফলত বিশ্বাস ধ্বংস হয়।আপোনাৰ শোৱা কোঠাত কি ঘটি আছে সেয়া কোনো ধৰণে প্ৰকাশ কৰিব নালাগে। এই বিষয়টো ধেমেলীয়া হ’লেও বন্ধু-বান্ধৱীৰ লগত আলোচনা নকৰিব। মনত ৰাখিব জীৱনৰ কিছুমান কথা অতি ব্যক্তিগত।

Related News