NORTHEAST NOW (Assamese)
দেশ

২১ দিন নিৰ্বাচনী বতাহ খাই অৱশেষত আত্মসমৰ্পণ কৰিলে কেজৰিৱালে : জেললৈ যোৱা পূৰ্বে সেৱা জনালে হনুমান, গান্ধী আৰু পিতৃ-মাতৃক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 2, 2024 9:05 pm

২১ দিনীয়া অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ উকলি যোৱাৰ পিছত দেওবাৰে (২ জুন) বিয়লি তিহাৰ জেলত আত্মসমৰ্পণ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে।

১০ মে’ত উচ্চতম ন্যায়ালয়ে তেওঁক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। ইয়াৰ পূৰ্বে দিল্লী আবকাৰী কেলেংকাৰীৰ গোচৰত তেওঁক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে অৰবিন্দ কেজৰিৱালে ৭ দিনৰ বাবে জামিন বৃদ্ধিৰ বাবে আবেদন জনাইছিল। কিন্তু ৰাউজ এভিনিউ আদালতে তেওঁৰ আবেদন নাকচ কৰিলে।

ইয়াৰ পিছত পুনৰ ৰাউজ এভিনিউ আদালতে তেওঁক ৫ জুনলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

আত্মসমৰ্পণৰ পূৰ্বে কেজৰিৱালে তেওঁৰ পৰিয়ালৰ সদস্য আৰু দলৰ নেতাসকলৰ সৈতে নতুন দিল্লীৰ ৰাজঘাট ভ্ৰমণ কৰে। তেওঁ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিস্থল ৰাজঘাটত পুষ্প অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

কেজৰিৱালে ৰাজঘাটৰ পৰা দিল্লীৰ কন’ট প্লেচত থকা হনুমান মন্দিৰলৈ গৈ প্ৰাৰ্থনা কৰে। মন্দিৰ পৰিদৰ্শন কৰাৰ পিছত তেওঁ আপৰ কাৰ্যালয়লৈ যায়। তেওঁ আম আদমী পাৰ্টিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সদস্যসকলৰ সৈতে দলৰ কাৰ্যালয়ত এক বৈঠকত মিলিত হয়।

ইয়াৰ পিছত আপোন ঘৰলৈ গৈ পিতৃ-মাতৃৰ আশীৰ্বাদ লয়। ইয়াৰ পিছত পৰিয়ালক বিদায় দি ক’লা ৰঙৰ এছ ইউ ভি এখনত উঠি তিহাৰ জেললৈ ৰাওনা হয় কেজৰিৱাল। গাড়ীত তেওঁৰ কাষতে বহি থকা দেখা যায় তেওঁৰ পত্নী সুনীতা কেজৰিৱালক। কাৰাগাৰত পঢ়িবলৈ লগত কিছু কিতাপ লৈ যায় কেজৰিৱালে।

জেললৈ যোৱাৰ পূৰ্বে কেজৰিৱালে দেশবাসীক সম্বোধন কৰি কয় যে, ‘নিৰ্বাচনৰ প্ৰচাৰৰ বাবে উচ্চতম ন্যায়ালয়ে মোক ২১ দিনৰ জামিন মঞ্জুৰ কৰিলে। ইয়াৰ বাবে আদালতক ধন্যবাদ জনাইছো। আজি পুনৰ তিহাৰ জেললৈ যাম। এই ২১ দিনত মই এক মিনিট সময়ো নষ্ট কৰা নাই। কেৱল আপৰ বাবে প্ৰচাৰ কৰাই নহয়, বিভিন্ন দলৰ বাবে মুম্বাই, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ঝাৰখণ্ডলৈ গৈছিলো। আপ আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয়, দেশহে গুৰুত্বপূৰ্ণ। কেলেংকাৰীত জড়িত হোৱাৰ বাবে মই পুনৰ জেললৈ যোৱা নাই। একনায়কত্ববাদৰ বিৰুদ্ধে মাত মতাৰ বাবেই জেললৈ যাব লগা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশৰ সন্মুখত মানি লৈছে যে মোৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই।

লগতে কেজৰিৱালে কয়, “ভগত সিঙে কৈছিল, যেতিয়া ক্ষমতা অত্যাচাৰলৈ পৰিণত হয়, তেতিয়া জেললৈ যোৱাটো এটা কৰ্তব্যত পৰিণত হয়। দেশ মুক্ত কৰিব বিচৰাৰ বাবে ফাঁচী দিয়া হৈছিল ভগত সিঙক। যদি ভগত সিঙক ফাঁচী দিয়া হয়, মইও ফাঁচীকাঠত ওলমিবলৈ সাজু।”