NORTHEAST NOW (Assamese)
দেশ

ৰাজ্যসভালৈ যাব কেজৰিৱাল! পঞ্জাৱৰ লুধিয়ানা-পশ্চিম বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 5, 2025 12:27 pm

আপৰ বিধায়ক গুৰপ্ৰীত গগীৰ মৃত্যুৰ পিছতে নিৰ্বাচন আয়োগে লুধিয়ানাত উপ-নিৰ্বাচনৰ বাবে এক অধিসূচনা জাৰি কৰিছে। আপে তাত দলীয় ৰাজ্যসভাৰ সদস্য তথা উদ্যোগী সঞ্জয় অৰোৰাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।

আম আদমী পাৰ্টিৰ এই সিদ্ধান্তত স্পষ্ট হৈ পৰিছে যে অৰোৰা জয়ী হলে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিব আাৰু তেওঁৰ ঠাইত ৰাজ্যসভালৈ যাব অৰবিন্দ কেজৰিৱাল।

অৱশ্যে লুধিয়ানাত আপে সেই আসনত জয় লাভ কৰিব নে নাই সেয়াও এটা ডাঙৰ প্ৰশ্ন। কংগ্ৰেছে লুধিয়ানা পশ্চিম সমষ্টিৰ দুবাৰৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছ কমিটীৰ কৰ্মৰত সভাপতি ভাৰত ভূষণ আশুক প্ৰক্ষেপ কৰিছে। তেওঁ পঞ্জাৱ কংগ্ৰেছৰ এজন শক্তিশালী হিন্দু নেতা। ৰাহুল গান্ধীৰ ঘনিষ্ঠ এই নেতাগৰাকীয়ে দিল্লীলৈ গৈ গান্ধী পৰিয়ালৰ সকলো সদস্যক আগতেই সাক্ষাৎ কৰিছিল। গতিকে, কেজৰিৱালৰ বাবে ৰাজ্যসভাত প্ৰৱেশ কৰাটো কঠিন হব পাৰে।

দীৰ্ঘদিন ধৰি মূল বিৰোধী দল হৈ পঞ্জাৱত শাসন কৰি থকাৰ পিছতো বিগত বিধানসভা নিৰ্বাচনৰ পিছৰে পৰা কংগ্ৰেছ অতি নিষ্ক্ৰিয় হৈ পৰিছে। কিন্তু ভাৰত ভূষণ আশুৰ ভাষাত “লুধিয়ানাত ভোটদান হ‘ব পঞ্জাৱত আপৰ পতনৰ আৰম্ভণি।”