NORTHEAST NOW (Assamese)
অসম

কেনি বসুমতাৰীৰ ৰোমাণ্টিক কমেডি ৱেব চিৰিজ ‘তোমাৰ অপেক্ষাত’ৰ ৰীলড্ৰামাত মুক্তি লাভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 3, 2021 6:00 pm
Tomar Opekkhyat releases on Reeldrama (17)

কেনি দেউৰী বসুমতাৰীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত বহু প্ৰত্যাশিত ৰোমাণ্টিক কমেডি ৱেব চিৰিজ তোমাৰ অপেক্ষাতএ অ’টিটি প্লেটফৰ্ম ৰীলড্ৰামাত মুক্তি লাভ কৰিছে।

৭ খণ্ডৰ ৱেব চিৰিজখনত মুননী ফুকন, গুঞ্জন ভৰদ্বাজ, লিমা দাস, পূনম গুৰুং, বনি দেউৰী, আলিশ্মিতা গোস্বামী, অনুপম কৌশিক বৰা আৰু কেনি বসুমতাৰী আদি অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে।

মুক্তিলাভ কৰাৰ পিছতে দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৱেব চিৰিজখনে।

অম্বৰ চেটাৰ্জীৰ নামৰ এজন দৰ্শকে লিখিছে, তোমাৰ অপেক্ষাতৰ কাহিনী ইমানেই মৰমলগা যে মই ইয়াক একেবাৰতে চাই সম্পূৰ্ণ কৰাৰ পৰা নিজকে ৰখাব পৰা নাছিলো…।’

সমান্তৰালভাৱে চাৰি হাল দম্পতিৰ দুৰ্ভাগ্যৰে ভৰা কাহিনীক মূল বিষয় হিচাপে লোৱা হৈছে তোমাৰ অপেক্ষাত।

কাহিনীৰ লেখক-পৰিচালক কেনিয়ে এই চিৰিজটোক দৰ্শকে আদৰি লোৱাৰ বাবে অসন্তোষ ব্যক্ত কৰাৰ লগতে অনুপ্ৰেৰণা লাভ কৰা বুলি মন্তব্য কৰিছে।