NORTHEAST NOW (Assamese)
Popular Stories

হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 21, 2025 2:15 pm

বাৰে বাৰে আপত্তিজনক মেছেজ প্ৰেৰণ, তদুপৰি হোটেললৈ মাতি ফোন কৰে! মালয়ালম অভিনেত্ৰী ৰেনী এন্নে জৰ্জে এগৰাকী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে এনে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। অৱশ্যে অভিযুক্ত নেতাগৰাকীৰ নাম প্ৰকাশ কৰা নাই। কিন্তু বিজেপিৰ মতে ৰেনীৰ টাৰ্গেট হৈছে কেৰালা কংগ্ৰেছৰ বিধায়ক ৰাহুল মামকুতাথিল। কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে গেৰুৱা শিবিৰতো আৰম্ভ হৈছে প্ৰতিবাদ।

বুধবাৰে ৰেনীয়ে কয় যে এটা বিখ্যাত ৰাজনৈতিক দলৰ এগৰাকী যুৱ নেতাই তেওঁক বাৰে বাৰে অশ্লীল বাৰ্তা প্ৰেৰণ কৰিছিল। কেৱল সেয়াই নহয় যুৱ নেতাগৰাকীয়ে অভিনেত্ৰীগৰাকীক হোটেললৈ মাতিলে। বাৰে বাৰে আপত্তিজনক বাৰ্তা আৰু প্ৰস্তাৱ পোৱাৰ পিছত ৰেনীয়ে যুৱ নেতাজনক কয় যে তেওঁ এই বিষয়ে দলৰ নেতৃত্বক অৱগত কৰিব। ইয়াৰ পিছতো বিখ্যাত দলটোৰ যুৱ নেতাজনক ৰখাব পৰা নগ’ল। শেষত ৰেনীয়ে নেতাজনৰ নাম নোলোৱাকৈয়ে ৰাজহুৱাভাৱে অভিযোগ উত্থাপন কৰে।

প্ৰাক্তন সাংবাদিক তথা অভিনেত্ৰী ৰিনীয়ে কয়, ‘মই দলৰ নেতৃত্বক সমগ্ৰ বিষয়টো অৱগত কৰিছিলো।তেতিয়া মই গম পালোঁ যে যুৱ নেতাগৰাকীয়ে কেইবাজনো দলৰ নেতাৰ পত্নী আৰু কন্যাৰ লগত একেধৰণৰ আচৰণ কৰিছিল।ইয়াৰ পিছতো যুৱ নেতাগৰাকীয়ে ইটোৰ পিছত সিটো সুযোগ পাইছিল।শেহতীয়াকৈ মই ছচিয়েল মিডিয়াত দেখিছিলো যে আন কেইবাগৰাকীও মহিলাই একে অভিজ্ঞতা লাভ কৰিছিল।সেয়েহে মই তেওঁলোকৰ সকলোৰে হৈ মাত মাতিছিলো।

যদিও ৰেনিয়ে কোনো নেতাৰ নাম উল্লেখ নকৰিলেও বিজেপিয়ে অভিযুক্ত কংগ্ৰেছ বিধায়ক ৰাহুল বুলি ধৰি লৈছে। পালাক্কাডৰ বিধায়কগৰাকীৰ বিৰুদ্ধে বিজেপিয়ে প্ৰতিবাদী সমদল উলিয়াইছে।