NORTHEAST NOW (Assamese)
Popular Stories

গ্ৰেপ্তাৰ হ’ব পাৰে জি নিউজৰ মুখ্য সম্পাদক সুধীৰ চৌধুৰী! : ৰুজু কৰা হৈছে জামিনবিহীন গোচৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 9, 2020 8:10 pm
sudhir_chaudhary_07052020

গ্ৰেপ্তাৰ হ’ব পাৰে জি নিউজৰ মুখ্য সম্পাদক সুধীৰ চৌধুৰী!

জি নিউজৰ মুখ্য সম্পাদক তথা এংকৰ সুধীৰ চৌধুৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

কেৰেলাৰ ক’ড়িক’ডে কাছাবা আৰক্ষী থানাত সাংবাদিকজনৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে।

চিপিআইৰ ছাত্ৰ সংগঠন কেৰেলা শাখাৰ অল ইণ্ডিয়া য়ুথ ফেডাৰেচন(AIYF)ৰ নেতৃত্বই এই এজাহাৰ দাখিল কৰিছে।

যোৱা ১১ মাৰ্চত জি নিউজৰ সাংবাদিক তথা একংৰজনে নিজৰ শ্ব’ত ‘জিহাদ’ৰ নামত ধৰ্মীয় প্ৰৰোচনামূলক আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পিব পৰা মন্তব্য প্ৰদান কৰিছিল।

AIYF ৰ এজাহাৰ ভিত্তিত চৌধুৰীৰ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ২৯৫ A ৰ অধীনত ইতিমধ্যে জামিনবিহীন গোচৰ ৰুজু কৰা হৈছে।

AIYFৰ নেতৃত্বই যোৱা ১৭ মাৰ্চতেই সাংবাদিক চৌধুৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

পিছত স্থানীয় আৰক্ষী থানাই অভিযোগটো কেৰেলা আৰক্ষী সঞ্চালক প্ৰধান লোকনাথ বেহেৰা, ক’ড়িক’ডে আৰক্ষী অধীক্ষ আৰু ৰাজ্যৰ গৃহ মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

ইয়াৰ পিছতে সাংবাদিকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰিছে কেৰেলা আৰক্ষীয়ে।