NORTHEAST NOW (Assamese)
Popular Stories

একাদশ শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ! টিউচন শিক্ষকক ১১১ বছৰৰ কাৰাদণ্ড, লগতে জৰিমনাও

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 1, 2025 3:22 pm

কেৰালাৰ আদালতে এগৰাকী নাবালক ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগত এগৰাকী টিউচন শিক্ষকক ১১১ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। জৰিমনাও আৰোপ কৰা হয়। জৰিমনা আদায় নকৰিলে তেওঁৰ কাৰাদণ্ড আৰু এবছৰ বৃদ্ধি পাব।

কেৰালাৰ থিৰুঅনন্তপুৰমত সংঘটিত হৈছে এই ঘটনা। ২০১৯ চনত টিউচন শিক্ষগৰাকীৰ বিৰুদ্ধে একাদশ শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ অনুসৰি তেওঁ ছাত্ৰীগৰাকীক বিশেষ শ্ৰেণীৰ নামত নিজৰ ঘৰলৈ মাতিছিল। লগতে তেওঁৰ মোবাইল ফোনত ধৰ্ষণৰ ভিডিঅ ৰেকৰ্ডিং কৰে। ৫ বছৰ ধৰি বিচাৰাধীন হৈ আছে এই গোচৰ। অৱশেষত তিৰুৱানন্তপুৰমৰ ফাষ্ট ট্ৰেক আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তই আগতে চৰকাৰী চাকৰি কৰিছিল। টিউচনো কৰিছিল। অভিযোগ অনুসৰি বিশেষ শ্ৰেণীৰ নামত ছোৱালীজনীক মাতি আনি ধৰ্ষণ কৰে। ঘটনাৰ পাছতে ছাত্ৰীগৰাকীয়ে টিউচনত অংশগ্ৰহণ কৰা বন্ধ কৰি দিয়ে। ইয়াৰ পাছত অভিযুক্তই তেওঁৰ ছবি আৰু ভিডিঅ চিয়েল মিডিয়াত ভাইৰেল কৰে। ছাত্ৰীগৰাকীৰ পৰিয়ালে শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অৱশ্যে ভুল তথ্য দি তদন্তকাৰীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উঠিছে। কিন্তু ছাত্ৰীগৰাকীৰ পক্ষৰ অধিবক্তাই তেওঁৰ মোবাইল ফোনটোৰ উৎসৰ ভিত্তিত দোষী সাব্যস্ত কৰে।

নাবালিকা ছাত্ৰীক ধৰ্ষণৰ কথা জানিব পাৰি আত্মহত্যা কৰে অভিযুক্তৰ পত্নীয়ে। তিৰুৱানন্তপুৰমৰ ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ আৰ ৰেখাই তেওঁক দোষী সাব্যস্ত কৰি কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ১১১ বছৰৰ কাৰাদণ্ডৰ উপৰিও অভিযুক্তক ১.০৫ লাখ টকা জৰিমনা আদায় দিবলৈও কোৱা হৈছে।