NORTHEAST NOW (Assamese)
অসম

২৫ কেজিৰ ললীপপ! কেৰেলাৰ যুৱকৰ এই কীৰ্তিৰ ভাইৰেল ভিডিঅ’ই তুলিছে খলকনি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2021 11:05 am
Lollipop

বৰ্তমান ইউটিউবত সকলোৰে বিভিন্ন ধৰণৰ আকৰ্ষণীয় বিষয়বস্তু দেখাৰ সৌভাগ্য হৈছে। কোনোবাই যদি গান গাইছে, কোনোবাই নাচিছে। আৰু ৰন্ধা বঢ়াবোৰ দেখিলেটো জিভাৰ পানী নপৰাকৈ নাথাকেই।

এনে হাজাৰ ভিডিঅ’ৰ মাজত যদি কোনো ব্যতিক্ৰমী ভিডিঅ’ থাকে, তেনেহ’লে ইন্টাৰনেটত মুহূৰ্ততে ভাইৰেল হৈ পৰে।

এনে এক ভিডিঅ’ৰে নিশাৰ ভিতৰতে চেলিব্ৰেটি হৈ পৰিছে কেৰেলাৰ যুৱক ফিৰোজ চুট্টিপাৰা। ইউটিবৰ প্ৰথম শাৰীতে তেওঁৰ ভিডিঅ’টো দেখা গৈছে।

ইতিমধ্যেই লক্ষাধিক লোকে লাইক কৰিছে ভিডিঅ’টো। দৰাচলতে ফিৰোজে কৰিছেনো কি? যাক লৈ ইন্টাৰনেটত ইমান চৰ্চা।

ফিৰোজে ললীপপৰ জগতত ইতিহাস গঢ়িলে! ফিৰোজে প্ৰস্তুত কৰি উলিয়াইছে এটা ২৫ কেজি ওজনৰ ললীপপ।

ষ্টীলৰ পাত্ৰত চেনিৰ ৰস আৰু বিভিন্ন ফ্লেভাৰ মিহলাই এই বৃহৎ আকাৰৰ ললীপপটো প্ৰস্তুত কৰি উলিয়াইছে ফিৰোজে।

ললীপপটো প্ৰস্তুত কৰোতে ফিৰোজৰ সময় লাগিছে ১২ঘন্টা। ফিৰোজৰ এই ২৫ কেজিৰ ললীপপ দৰ্শন কৰিবলৈ দূৰ দূৰণিৰ পৰা লোকৰ সোঁত বৈছে।

ইয়াৰ পূৰ্বে ফিৰোজৰ ছচিয়েল মিডিয়াত আৰু ভিডিঅ’ ভাইৰেল হৈছে। সেইবোৰ বিভিন্ন ধৰণৰ ৰন্ধন প্ৰণালীৰ লগতে কৃষিকৰ্মৰো দিহা দিছে ফিৰোজে। কিন্তু ললীপপ প্ৰস্তুত কৰি এইবাৰ আটাইতকৈ বেছি জনপ্ৰিয়তা অৰ্জন কৰিলে কেৰেলাৰ যুৱকজনে।