NORTHEAST NOW (Assamese)
Popular Stories

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 3, 2026 7:15 pm

পুনেৰ এখন আদালতে শুকুৰবাৰে ৰিয়েল ষ্টেট ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত ছিয়া গোৱেল আৰু চেতন চৌধুৰীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পিছত দুয়োগৰাকী অভিযুক্তক ন্যায়িক দণ্ডাধীশ এ. এম. বিভুতেৰ সন্মুখত হাজিৰ কৰোৱা হৈছিল। আৰক্ষীয়ে অভিযুক্তৰ মবাইল ফোনৰ পৰা উদ্ধাৰ হোৱা সাংকেতিক বাৰ্তাৰ পাঠোদ্ধাৰ কৰিবলৈ আৰু তিনি দিনৰ জিম্মা বিচাৰিছিল যদিও আদালতে দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত এই আৱেদন নাকচ কৰে আৰু ১৬ জুলাইলৈকে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

যোৱা ১৮ জুন তাৰিখে পুনে জিলাৰ লোহাগড় দুৰ্গৰ এটা পাহাৰৰ পৰা ঠেলি দি কেতন আগৰৱালাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ২০ বছৰীয়া ছিয়া আৰু ২২ বছৰীয়া চেতনৰ বিৰুদ্ধে। উল্লেখযোগ্য যে, নিহত কেতন আৰু অভিযুক্ত ছিয়াৰ মাজত ইতিমধ্যে আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন হৈছিল আৰু চলিত বৰ্ষৰ নৱেম্বৰ মাহত তেওঁলোকৰ বিবাহ সম্পন্ন হোৱাৰ কথা আছিল।

শুকুৰবাৰে পুনে গ্ৰাম্য আৰক্ষীয়ে তদন্তৰ স্বাৰ্থত ছিয়াক তেওঁৰ বাসগৃহ আৰু আন কেইবাখনো স্থানলৈ লৈ গৈছিল। আৰক্ষীয়ে ছিয়াক তেওঁৰ বাসগৃহৰ পৰা উলিয়াই অনাৰ সময়তে বাহিৰত উপস্থিত থকা সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত তেওঁ নিজৰ মাজৰ আঙুলিটো দেখুৱাই এক অশালীন ইংগিত প্ৰদান কৰে। ছিয়াৰ এই আচৰণৰ ভিডিঅছচিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই আৰু কেৱল হত্যাকাণ্ডৰ তদন্তত গুৰুত্ব দিছে বুলি জানিবলৈ দিছে।

এই সমগ্ৰ ঘটনাত তৃতীয় এজন ব্যক্তিৰো নাম সাঙোৰ খাই পৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ বীড জিলাৰ নিবাসী আৰু বৰ্তমান পুনেৰ বালেওৱাড়ীত কৰ্মৰত চেতনৰ এজন সহপাঠীৰ সৈতে ছিয়া আৰু চেতনে এই হত্যাকাণ্ডৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিছিল। আনকি ১৮ জুনত তেওঁক লোহাগড় দুৰ্গলৈ যাবলৈও নিমন্ত্ৰণ জনোৱা হৈছিল যদিও তেওঁ যোৱা নাছিল। সূত্ৰই দাবী কৰা অনুসৰি, এই যুৱকজনে অভিযুক্ত দুজনক এনে কাম নকৰিবলৈ পৰামৰ্শ দিছিল। হত্যাকাণ্ডৰ পিছতো অভিযুক্ত দুজনে এই যুৱকজনৰ সৈতে যোগাযোগ কৰিছিল বুলি সন্দেহ কৰা হৈছে আৰু আৰক্ষীয়ে কল ৰেকৰ্ড আৰু ডিজিটেল প্ৰমাণৰ আধাৰত সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে আৰক্ষীয়ে ছিয়াক পুনেৰ চুল্লানগৰৰ এটা স্থানলৈ লৈ গৈছিল, ত মেমাহত তেওঁলোকে পাহাৰৰ পৰা মানুহ ঠেলি দিয়াৰ আখৰা কৰিছিল বুলি সন্দেহ কৰা হৈছে। ছিয়াই সেই স্থানখিনি চিনাক্ত কৰা বুলিও আৰক্ষীয়ে জানিবলৈ দিছে। ইফালে, দুয়োগৰাকী অভিযুক্তৰ পলিগ্ৰাফ পৰীক্ষা কৰিবলৈ পুনে গ্ৰাম্য আৰক্ষীয়ে ভাদগাওঁ মাৱল আদালতৰ কাষ চাপিছে। আদালতৰ অনুমতি আৰু অভিযুক্তৰ সন্মতি সাপেক্ষেহে এই পৰীক্ষা কৰা হব। আনহাতে, আৰক্ষীয়ে ছিয়াৰ ঘৰৰ পৰা ১৮ জুনত পিন্ধা বুলি সন্দেহ কৰা কাপোৰ উদ্ধাৰ কৰিছে আৰু ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই সমগ্ৰ ঘটনাৰ প্ৰকৃত সময়সীমা নিৰ্ধাৰণ কৰিবলৈ আৰক্ষীয়ে মবাইলৰ তথ্য, কল ৰেকৰ্ড আৰু অন্যান্য ডিজিটেল প্ৰমাণ সংগ্ৰহ কৰিছে।