বিৰোধী শূন্য সংসদ! তাৰ মাজতে আজি বিৰোধী INDIA জোঁটৰ বৈঠক; আসন বুজাবুজিৰ সম্ভাৱনা

সংসদৰ নিৰাপত্তা ভংগৰ ঘটনাক লৈ যোৱা দুদিন ধৰি উত্তাল হৈ আছে সংসদ। এই ঘটনাক কেন্দ্ৰ কৰি হোৱা প্ৰতিবাদৰ দোহাই দি সংসদৰ দুই সদনৰ পৰা এইপৰ্যন্ত নিলম্বিত হৈছে বিৰোধীৰ ১৩৯ জন সাংসদ। এককথাত প্ৰায় বিৰোধী শূন্য হৈ পৰিছে সংসদ।
এনে পৰিস্থিতিৰ মাজতে আজি দিল্লীত অনুষ্ঠিত হ’ব বিৰোধীৰ উমৈহতীয়া মিত্ৰজোঁট INDIAৰ গুৰুত্বপূৰ্ণ বৈঠক। আজিৰ এই বৈঠকতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজৰ কৌশল তথা যৌথ প্ৰচাৰৰ ব্লুপ্ৰিণ্ট আৰু আসন ভাগ-বতৰাৰ ওপৰত আলোচনাৰ সম্ভাৱনা আছে।
বৈঠকত লগতে শেহতীয়াকৈ ছত্তীশগড়, ৰাজস্থান আৰু মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বিৰোধীৰ বিপৰ্যয় সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা আছে।INDIA গোটৰ এয়া হৈছে চতুৰ্থখন বৈঠক আৰু বিয়লি প্ৰায় ৩ বজাত দিল্লীৰ অশোকা হোটেলত বৈঠক অনুষ্ঠিত হ’ব।
এই বৈঠকত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ, শিৱসেনাৰ নেতা উদ্ধৱ থাকৰে আৰু এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰকে ধৰি কেইবাজনো নেতাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
ইফালে INDIA ব্লকৰ সদস্যসকলে সংসদত বৈঠক অনুষ্ঠিত কৰি সংসদৰ শীতকালীন অধিবেশনৰ বাকী অংশ বৰ্জনৰ পৰিকল্পনা কৰিছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। সংসদৰ শেহতীয়া পৰিস্থিতিৰ পিছতে বিৰোধীয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
যোৱা ১৩ ডিচেম্বৰৰ লোকসভাৰ নিৰাপত্তা ভংগক লৈ প্ৰতিবাদৰ বাবে এইপৰ্যন্ত বিভিন্ন বিৰোধী দলৰ ১৩৯ গৰাকী সাংসদক সদনৰ পৰা নিলম্বন কৰা হৈছিল। উল্লেখ্য যে, সংসদৰ ইতিহাসত এক অধিৱেশনৰ সময়ত সাংসদ নিলম্বনৰ ক্ষেত্ৰত এই সংখ্যাই হৈছে সৰ্বাধিক।
স্মৰ্তব্য যে, INDIA প্ৰথমখন বৈঠক ২৩ জুনত পাটনাত অনুষ্ঠিত হৈছিল। ইয়াৰ পিছত ক্ৰমে ১৭-১৮ জুলাইত বেংগালুৰুত দ্বিতীয়খন বৈঠক আৰু ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ মুম্বাইত তৃতীয়খন বৈঠক অনুষ্ঠিত হৈছিল।