NORTHEAST NOW (Assamese)
Popular Stories

কৃষ্ণা-গোদাৱৰী বিবাদ: কেন্দ্ৰৰ সৈতে মধ্যস্থতা বিচাৰিছে ৰিলায়েন্সে

Posted by: এন ই নাও নিউজ, গুাৱহাটী Updated by: এন ই নাও নিউজ, গুাৱহাটী May 20, 2026 1:25 pm

কৃষ্ণা-গোদাৱৰী অৱবাহিকাৰ গেছ স্থানান্তৰ বিবাদ সন্দৰ্ভত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড আৰু আন দুটা বিদেশী কোম্পানীয়ে বুধবাৰে উচ্চতম ন্যায়ালয়ত জনাইছে যে তেওঁলোকে বিষয়টোৰ শান্তিপূৰ্ণ নিষ্পত্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ মধ্যস্থতাৰ প্ৰস্তাৱ আগবঢ়াব। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচী তথা বিপুল এম পাঞ্চোলিৰে গঠিত বিচাৰপীঠৰ সন্মুখত এই স্পৰ্শকাতৰ বিষয়টো উত্থাপন কৰা হয়। কোম্পানীসমূহৰ হৈ আদালতত হাজিৰ হোৱা অধিবক্তাগৰাকীয়ে বিচাৰপীঠক জনায় যে সকলো আবেদনকাৰীয়ে আজি ভাৰত চৰকাৰলৈ মধ্যস্থতা বিচাৰি পত্ৰ প্ৰেৰণ কৰিব আৰু এই প্ৰক্ৰিয়াৰ ফলাফল নহালৈকে গোচৰৰ শুনানি স্থগিত ৰাখিবলৈ আদালতক অনুৰোধ জনায়।

আনহাতে, কেন্দ্ৰৰ হৈ আদালতত হাজিৰ হোৱা এটৰ্নী জেনেৰেল আৰ ভেংকটৰমণিয়ে শুনানি স্থগিত নাৰাখি নিৰ্ধাৰিত সময়সূচী অনুসৰি আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ আদালতক অনুৰোধ কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে যদিহে এই সময়ছোৱাত কোনো নতুন অগ্ৰগতি হয়, তেন্তে সেই বিষয়ে আদালতক অৱগত কৰা হ’ব।

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে শুনানি স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে যদিও দুয়োপক্ষক মধ্যস্থতাৰ ফলাফল সম্পৰ্কে আদালতক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে। বিচাৰপীঠে মন্তব্য কৰে যে যদিহে এক সফল মধ্যস্থতাৰ জৰিয়তে বিষয়টো সমাধান হয়, তেতিয়াই গোচৰটো নিষ্পত্তি কৰা হ’ব।

ইয়াৰ পূৰ্বে যোৱা ১৯ মে’ তাৰিখে উচ্চতম ন্যায়ালয়ত এই গোচৰৰ চূড়ান্ত শুনানি আৰম্ভ হৈছিল। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, বিপি এক্সপ্ল’ৰেচন (আলফা) লিমিটেড আৰু নিকো (নেকো) লিমিটেডে দিল্লী উচ্চ ন্যায়ালয়ৰ যোৱা ১৪ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখৰ ৰায়দানক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। দিল্লী উচ্চ ন্যায়ালয়ৰ উক্ত ৰায়যোগে এই তিনিটা প্ৰতিষ্ঠানৰ সপক্ষে দিয়া একক বিচাৰপীঠৰ এক পূৰ্বৰ নিৰ্দেশনাক নাকচ কৰা হৈছিল।

উল্লেখযোগ্য যে, ২০১৮ চনৰ জুলাই মাহত এখন আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতা ন্যায়াধিকৰণে ৰিলায়েন্স আৰু ইয়াৰ অংশীদাৰসমূহৰ বিৰুদ্ধে ভাৰত চৰকাৰে উত্থাপন কৰা ১.৫৫ বিলিয়ন আমেৰিকান ডলাৰৰ দাবী নাকচ কৰিছিল। চৰকাৰে অভিযোগ কৰিছিল যে এই প্ৰতিষ্ঠানসমূহে অধিকাৰ নথকাৰ পিছতো বেআইনীভাৱে গেছ নিষ্কাসন কৰিছিল। ইয়াৰ বিপৰীতে ন্যায়াধিকৰণৰ তিনিজনীয়া বিচাৰপীঠে ২-১ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত ৰিলায়েন্স আৰু ইয়াৰ অংশীদাৰসমূহক ৮.৩ মিলিয়ন ডলাৰৰ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ দিছিল।