NORTHEAST NOW (Assamese)
দেশ

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী June 22, 2025 8:37 pm

জনপ্ৰিয় ইউটিউবাৰ তথা শিক্ষক খান ছাৰৰ বিবাহ সম্বৰ্ধনা এক বিৰল ছাত্ৰ উৎসৱলৈ ৰূপান্তৰিত হয়। পাটনাৰ অঞ্জুমান ইছলামিয়া হলত অনুষ্ঠিত হোৱা বিবাহ সভাত ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক আমন্ত্ৰণ জনোৱা হয়। শুকুৰবাৰে প্ৰথম ৰাউণ্ডৰ অনুষ্ঠানলৈ কেৱল ছাত্ৰীসকলক আমন্ত্ৰণ জনোৱা হৈছিল।

‘খান ছাৰ সাধাৰণ শিক্ষক নহয়, তেওঁ হৈছে কোটি কোটি ছাত্ৰ-ছাত্ৰীৰ প্ৰেৰণাৰ নাম। তেওঁৰ অভিনৱ পাঠদান কৌশলৰ বাবে সমগ্ৰ বিশ্বতেই পৰিচিতি লাভ কৰিছে।

জীৱনৰ এটা বিশেষ দিনত তেওঁ সেই পৰিচয় পুনৰবাৰ প্ৰমাণ কৰিলে। তেওঁৰ বিয়াৰ অভ্যৰ্থনালৈ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক নিমন্ত্ৰণ কৰে।

অনুষ্ঠানত ভাষণ দি খান ছাৰে কয়, ‘অভ্যৰ্থনা অনুষ্ঠানত ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক আমন্ত্ৰণ জনোৱা হৈছে। আজি কেৱল ছাত্ৰীসকলকহে নিমন্ত্ৰণ কৰা হৈছে। পিছত ছাত্ৰসকলৰ বাবে এটা সুকীয়া অভৰ্থনা হব। তেওঁ লগতে কয়, ‘ছাত্ৰ-ছাত্ৰীৰ মৰম আৰু সমৰ্থনে মোক সদায় অনুপ্ৰাণিত কৰি আহিছে। এই আনন্দ তেওঁলোকৰ সৈতে ভাগ কৰাটো মোৰ কৰ্তব্য বুলি মই অনুভৱ কৰোঁ।

খান ছাৰৰ এই পদক্ষেপে ছচিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে। কিছুমানে কৈছে, ‘এয়া হয়তো আদৰ্শ শিক্ষকৰ সংজ্ঞা হব পাৰে। যিজনে ছাত্ৰ-ছাত্ৰীক কেৱল পাঠ্যপুথিৰ মাজতে আবদ্ধ কৰি নাৰাখে, কিন্তু জীৱনৰ প্ৰতিটো মুহূৰ্ততে তেওঁলোকৰ কাষত থাকে।

সমগ্ৰ অনুষ্ঠানটোৱে দেখুৱাইছে যে এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ সৈতে থকা সম্পৰ্কক কেনেকৈ পাৰিবাৰিক সম্পৰ্কলৈ ৰূপান্তৰিত কৰিব পাৰে। ইতিমধ্যে এই অনুষ্ঠানৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। খান ছাৰক প্ৰশংসাৰে উপছাই পেলাইছে নেটিজেনসকলে। খান ছাৰৰ এজন প্ৰাক্তন শিক্ষাৰ্থীয়ে সামাজিক মাধ্যমত লিখিছে, ‘খান ছাৰ কেৱল এজন শিক্ষক নহয়, তেওঁ এটা আন্দোলনৰ নাম।’