NORTHEAST NOW (Assamese)
Popular Stories

‘‘খতম, তাতা, বাই বাই!’’ : বীৰেন্দৰ চেহৱাগৰ মুখত ৰাহুল গান্ধীৰ উক্তি, কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 25, 2021 9:23 am

টীম ইণ্ডিয়াৰ প্ৰাক্তন মাৰমুখী অপেনাৰ বিৰেন্দৰ সেহৱাগে টুইটাৰযোগে নিয়মীয়াকৈ নিজৰ অনুভৱ ব্যক্ত কৰি অহাৰ উপৰিও বিভিন্ন মেমে আৰু ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰি নেটিজেনসকলৰ মাজত মনোৰঞ্জনৰো সৃষ্টি কৰি আহিছে।

শেহতীয়াকৈ ইংলেণ্ড আৰু ভাৰতৰ মাজত চলি থকা টেষ্ট শৃংখলাটোতো তেওঁ এইক্ষেত্ৰত ক্ষান্ত থকা নাই।

বুধবাৰে, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হোৱা তৃতীয় টেষ্টখনৰ প্ৰথম ইনিংছত ইংলেণ্ডৰ বেটিংক্ৰম বিধস্ত হৈ পৰাক লৈও চেহৱাগে কৰা এটা টুইটক লৈ চৰ্চা চলিছে।

১১২ ৰাণতে আটাইকেইটা হেৰুওৱা ইংলেণ্ডৰ বেটিং  ক্ৰমক উপুলুঙা কৰি চেহৱাগে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা ভাইৰেল বক্তব্যৰ ক্লিপিংছ টুইটটোৰ দ্বাৰা শ্বেয়াৰ কৰে।

আঠ চেকেণ্ডৰ ক্লিপিংছটোত ৰাহুল গান্ধীয়ে এখন নিৰ্বাচনী সভাত কোৱা দেখা গৈছে- ‘‘খতম, তাতা, বাই বাই!’’

ইয়াৰ দ্বাৰা চেহৱাগে ইনিংছটোত ইংলেণ্ডৰ সঘন উইকেট পতনক লৈ ব্যংগ কৰিছে।

চেহৱাগৰ এই টুইটটোক তেওঁৰ একালৰ সতীৰ্থ তাৰকা অফস্পীনাৰ হৰভজন সিঙে ৰিটুইট কৰি কৈছে- ‘‘ক্লাছিক বিৰু!’’