NORTHEAST NOW (Assamese)

খেলো ইণ্ডিয়া য়ুথ গেমছ : ল’ৰাৰ ২১ অনূৰ্দ্ধৰ ৰীলেত অসমৰ স্বৰ্ণ জয়

January 14, 2020 9:29 am · এন ই নাও নিউজ
স্বৰ্ণ পদক বিজয়ী অসম দলটো

গুৱাহাটীত চলি থকা তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত সোমবাৰে ঘৰুৱা দল অসমে ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰি স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হৈছে।

সোমবাৰে সৰুসজাই ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত ল’ৰাৰ ২১ বছৰ অনূৰ্দ্ধৰ ৪x১০০ মিটাৰ ৰীলেত স্বৰ্ণ পদক দখল কৰে অসম দলটোৱে।

ৰাজীৱ ব্ৰহ্ম, পল্লৱ গগৈ, ভূম মুছাহাৰী আৰু সুৱৰ্ণ কলিতাৰে গঠিত অসম ৰীলে দলটোৱে ৪২.৩৫ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি ট্ৰেক এণ্ড ফিল্ডত আয়োজক ৰাজ্যখনক প্ৰথমটো স্বৰ্ণ পদক উপহাৰ দিয়ে।

তদুপৰি, ১৭ বছৰ অনূৰ্দ্ধৰ ল’ৰাৰ ৪x১০০ মিটাৰ ৰীলেতো অসমে ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হয়।

১৭ বছৰ অনূৰ্দ্ধৰ অসম দলটোক চিন্ময় বৰুৱা, ছামকৰ ইছলাৰী, জোৱাংছাৰ বসুমতাৰী আৰু অক্ষয় বড়োৱে প্ৰতিনিধিত্ব কৰিছিল।

উল্লেখযোগ্য যে, বৰ্তমানলৈ ক্ৰীড়া প্ৰতিযোগিতাখনত অসমে তিনিটা স্বৰ্ণ, চাৰিটা ৰূপ, পাঁচটা ব্ৰঞ্জৰ পদক জয় কৰি পদক তালিকাৰ ত্ৰয়োদশ স্থানত আছে।

পদক তালিকাৰ শীৰ্ষত হাৰিয়ানা থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ।

Related News