NORTHEAST NOW (Assamese)
দেশ

পুনৰ ধৰ্ষণৰ বলি দলিত কিশোৰী: বিদ্যালয়ৰ পৰা উভতাৰ পথতে ধৰ্ষণ কৰি হত্যা একাদশ শ্ৰেণীৰ ছাত্ৰীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 24, 2022 4:49 pm
Dalit Girl Found Dead In Madhya Pradesh

যোৱা দেওবাৰে মধ্যপ্ৰদেশৰ গুণা জিলাৰ এখন পথাৰত উদ্ধাৰ কৰা হয় এগৰাকী দলিত কিশোৰীৰ অৰ্ধগলিত মৃতদেহ। জানিব পৰা মতে বিগত ৫ দিন ধৰি নিৰুদ্দেশ হৈ আছিল কিশোৰী গৰাকী। কিশোৰীগৰাকীৰ বয়স ১৬ বছৰ আৰু কিশোৰীগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি ১৯ অক্টোবৰৰ আবেলি বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ সময়ত কোনো দুৰ্বিত্তই ছাত্ৰীগৰাকীক অপহৰণ কৰি লৈ যায়।

আৰক্ষী অধীক্ষক কমলেশ কুমাৰ খাৰপুশে জানিবলৈ দিয়া মতে কিশোৰীগৰাকীৰ ককাকে কিশোৰীগৰাকী নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰিছিল।

এই অভিযোগৰ ভিত্তিত বিচাৰ-খোচাৰ কৰি গুণ জিলাৰ এখন পথাৰৰ মাজত নিৰুদ্দেশ হৈ থকা কিশোৰীগৰাকীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে।

লগতে একে স্থানৰ পৰা কিশোৰীগৰাকীৰ স্কুল বেগ আৰু স্কুললৈ যোৱা চাইকেলখনো উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

বহুজন সমাজ পাৰ্টিৰ গুণা জিলাৰ অধ্যক্ষ দিলীপ বৌধই দাবী কৰা অনুসৰি দুৰ্বিত্তই কিশোৰী গৰাকীক অপহৰণ কৰি নি নৃশংসভাবে ধৰ্ষণ কৰি হত্যা কৰা হৈছে।

দিলীপ বৌধ আৰু দলটোৰ আন সদস্য সকলে পৰিয়ালৰ লগতে গোচৰটোৰ ৰুজু কৰাৰ লগতে ইয়াৰ উচিত আৰু ক্ষীপ্ৰ তদন্তৰ দাবী জনাইছে।

আৰক্ষীয়ে জনোৱা মতে কিশোৰী গৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ মৰোণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব। ইতিমধ্যে কিশোৰী গৰাকীৰ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে গোৱালিয়ৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।