NORTHEAST NOW (Assamese)
অসম

অপহৰণ আৰু ধন দাবীৰ অভিযোগত বীৰ লাচিত সেনাৰ ৮ সদস্যক গ্ৰেপ্তাৰ : দুটা ফোন অফ কৰি পলাতক বিকাশ অসম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 27, 2025 4:09 pm

দেওবাৰে নিশা গুৱাহাটীৰ বৰবাৰীৰ প্ৰতীক্ষা হাস্পাতালৰ সমীপৰ পৰা এজন অপহৃত লোকক উদ্ধাৰ কৰে দিছপুৰ আৰক্ষীয়ে। লগতে এই কাণ্ডত জড়িত ৮ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ খবৰ অনুসৰি গোৱালপাৰাৰ নিবাসী আাৰছাদ খানে তেওঁৰ বন্ধু ৰাহুল মিশ্ৰক ১০১৫ জনীয়া এটা অচিনাক্ত ব্যক্তিৰ দলে বলপূৰ্বকভাৱে লৈ যোৱা বুলি আৰক্ষীক খবৰ দিয়ে। অপহৰণকাৰীয়ে মিশ্ৰৰ মুক্তিৰ বাবে ১৫২০ লাখ টকাৰ মুক্তিপণ দাবী কৰে।

ইয়াৰ পিছতে দিছপুৰ থানাৰ এটা দলে তালাচী অভিযান আৰম্ভ কৰি অভিযুক্ত সকলক বিচাৰি উলিয়াবলৈ সক্ষম হয়। AS01 EM 0718 আৰু AS23 Q 3566 নম্বৰত পঞ্জীয়ন থকা দুখন বাহনৰ লগতে বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰে।

জব্দ কৰা সামগ্ৰী সমূহৰ ভিতৰত আছিল দুটা বেছবল বেট, এটা হকী ষ্টিক, এখন দা,  দুটা জলকীয়া স্প্ৰেৰ বটল,  ছটা মোবাইল ফোন, এটা কৃত্ৰিম পুৰুষাংগ,  বিকাশ অসমৰ স্বাক্ষৰ সম্বলিত পাঁচখন ধন দাবী পত্ৰ আৰু এখন ধন সংগ্ৰহৰ ৰচিদ।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই সামগ্ৰীসমূহে সংগঠনটোৰ দ্বাৰা চলি থকা ধন দাবীৰ কথাকেই স্পষ্ট কৰে।

আৰক্ষীয়ে এতিয়ালৈকে আটক কৰা আঠজন অভিযুক্ত হৈছে – বিশ্বজিৎ দলে, ইঞ্জামুল হুক, ৰোহন আলী, মোহন বৰা, নিতু আহমেদ, চিন্ময় দেৱ, ৰিয়াজ আহমেদ আৰু বিৰাজ বল্লৱ কলিতা

অপহৰণ, ধন দাবী,  অবৈধ কাৰ্যকলাপকে ধৰি একাধিক ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।