NORTHEAST NOW (Assamese)

প্ৰথমবাৰৰ বাবে ক্ষমা বিচাৰিলে কিম জং উনে; কিন্তু কিয় হঠাতে উচুপি উঠিল নেতাগৰাকী?

October 13, 2020 8:52 am · এন ই নাও নিউজ

কোনো এটা বিষয়ত প্ৰথমবাৰৰ বাবে মুকলিকৈ ক্ষমা বিচাৰিলে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী নেতা কিম জং উনে।

বাতৰি অনুসৰি, কৰ’না মহামাৰীৰ পৰিস্থিতিত ব্যৰ্থ হোৱাৰ বাবে জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰে কিম জং উনে।

আনকি নেতাগৰাকীয়ে সেই মুহূৰ্তত চকুপানী মচি পেলোৱাও দেখা গৈছে।

দলৰ ৭৫সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকীত ভাষণ ৰখাৰ সময়ত কিম অতি স্পৰ্শকাতৰ হৈ পৰে। তেওঁ কয় যে উত্তৰ কোৰিয়াৰ জনসাধাৰণৰ প্ৰত্যাশা অনুসৰি তেওঁ কাম কৰিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰিছে।

এনেদৰে ক্ষমা বিচাৰি কথা কৈ থকা সময়তে নেতাগৰাকীয়ে চশমা খুলি চকুৰ পানী মচি নিয়া দেখা যায়।

নিজৰ পূৰ্বপুৰুষক সুঁৱৰি কিম জঙে কয়, ‘’ কিম-২ আৰু কিম জগ ইলেৰ লক্ষ্য পূৰণৰ বাবে দেশৰ জনসাধাৰণে মোক দায়িত্ব অৰ্পণ কৰিছে। কিন্তু মই চেষ্টা কৰিও জনসাধাৰণৰ অসুবিধাসমূহ হ্ৰাস কৰিব পৰা নাই। ইয়াৰ বাবে মোৰ হেঁপাহ ৰৈ গৈছে।‘’

নেতাগৰাকীয়ে নিজৰ আৱেগিক ভাষণত কৰ’নাৰ বাবে গোটেই বিশ্বজুৰি সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰে।

তেওঁ দক্ষিণ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰি তোলাৰ আগ্ৰহো প্ৰকাশ কৰে যদিও আমেৰিকাৰ সম্পৰ্কত একো উল্লেখ নকৰিলে।

সদায় বিতৰ্কিত নেতা হিচাপে চৰ্চা লাভ কৰি আহিছে কিম জং উনে। বিশ্বৰ মহা শক্তিধৰ দেশৰ বিৰুদ্ধেও অটল থাকি নিজৰ সিদ্ধান্ত জাহিৰ কৰি অহা কিমে বিভিন্ন সময়ত বাতৰিৰ শিৰোণামা দখল কৰি আহিছে।

কিন্তু সেই দুৰন্ত সাহসী, নিৰ্ভীক তথা কঠোৰ শাসকগৰাকীৰ চকুত চকুপানী দেখি স্বাভাৱিকতে হতবাক হৈ পৰিছে সমগ্ৰ বিশ্ব।

Related News