NORTHEAST NOW (Assamese)
Popular Stories

হলিউড : তৃতীয়বাৰৰ বাবে বিবাহ বিচ্ছেদৰ আবেদন কিম কাৰডাচিয়ানৰ, অনুৰাগীৰ মাজত ব্যাপক চৰ্চা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 21, 2021 8:29 pm

আমেৰিকাৰ জনপ্ৰিয় টেলিভিছন তাৰকা তথা মডেল কিম কাৰ্ডাচিয়ান আৰু হিপহপ তাৰকা কেনি ৱেষ্টৰ দাম্পত্য জীৱনত ফাঁট মেলিছে।

শুকুৰবাৰে কাৰডাচিয়ানে লছ এঞ্জেলছ চুপেৰিয়’ৰ কোৰ্টত এখন বিবাহ বিচ্ছেদৰ আবেদন কৰে।

প্ৰায় সাত বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা চেলিব্ৰেটি দম্পতীটোৰ এই বিচ্ছেদক লৈ তুমুল চৰ্চা চলিছে।

বিচ্ছেদৰ মূল কাৰণ হিচাপে অদ্যপি বিশেষ একো তথ্য সংবাদ প্ৰতিষ্ঠানসমূহে লাভ কৰা নাই।

শেহতীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত নিজকে ৰাষ্ট্ৰপতি পদৰ বাবে কেম্পেইন কৰা কেনি ৱেষ্টে এইক্ষেত্ৰত সংক্ষিপ্তভাৱে কয় যে তেওঁ ‘বাস্তৱৰ মুখামুখি’ হৈছে।

উল্লেখযোগ্য যে ‘গল্ড ডিগাৰ’, ‘নিগাৰ ইন পেৰিছ’ৰ দৰে জনপ্ৰিয় গানৰ স্ৰষ্টা তথা ২১ বাৰৰ গ্ৰেমী বিজয়ী কেনি ৱেষ্ট শেহতীয়াকৈ মানসিক অসুখতো ভুগি থকা বুলি বাতৰি আহিছে।

আনহাতে কেনি ৱেষ্টৰ এয়া প্ৰথম বৈবাহিক জীৱনৰ বিপৰীতে মডেলিং আৰু টেলিভিচন চিৰিজৰ দ্বাৰা প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰা কিম কাৰডাচিয়ান ইয়াৰ পূৰ্বে বাস্কেটবল খেলুৱৈ ক্ৰিছ হামফ্ৰিজ আৰু সংগীত প্ৰযোজক ডেমন থমাচৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল।