NORTHEAST NOW (Assamese)

গুৱাহাটী প্ৰে’ছ ক্লাবত সদ্যপ্ৰয়াত শিল্পী কিশোৰ গিৰিৰ স্মৃতি সভা

October 20, 2018 4:34 pm · এন ই নাও নিউজ
কিশোৰ গিৰি। ফাইল ছবি।

গুৱাহাটী প্ৰে’ছ ক্লাবৰ চিনাকী মুখ, সদ্যপ্ৰয়াত শিল্পী কিশোৰ গিৰিৰ স্মৃতিত সোমবাৰে ক্লাবটোত এখন সভা আয়োজন কৰিছে তেওঁৰ সতীৰ্থ তথা শুভাকাংক্ষীসকলে।

আবেলি ৩ বজাৰ পৰা সভাখন অনুষ্ঠিত হ’ব।

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ গুৱাহাটীৰ খাৰঘূলিস্থিত বাসগৃহত যোৱা ৭ অক্তোবৰত শেষ নিশ্বাস ত্যাগ কৰিছিল গিৰিয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪ বছৰ।

বিভিন্ন বিষয়ত জনমত সৃষ্টিৰ বাবে গুৱাহাটীৰ ৰাজপথত হাতত গীটাৰ লৈ নামিছিল এসময়ত মেণ্ড’লিন বাদকৰূপে জনপ্ৰিয়তা আৰ্জিবলৈ সক্ষম হোৱা কিশোৰ গিৰি।

ৰীমা দাসৰ চিনে’মা ভিলেজ ৰকষ্টাৰ্ছ-ক অস্কাৰ যাত্ৰাত আৰ্থিক সহায়ৰ বাবে অসম চৰকাৰ তথা ৰাইজক আহ্বান জনাই শেহতীয়াকৈ গুৱাহাটীৰ ৰাজপথলৈ ওলাই আহিছিল গিৰি।

গিৰিয়ে কেইখনমান অসমীয়া চিনে’মাৰ লগতে টিভি ধাৰাৱাহিকতো সংগীত পৰিচালনা কৰিছিল।

Related News