NORTHEAST NOW (Assamese)
অসম

সহজ জয়েৰে IPLৰ পইন্ট তালিকাৰ চতুৰ্থ স্থানলৈ কলকাতা নাইট ৰাইডাৰ্ছ

Posted by: নৰ্থ ইষ্ট নাও September 24, 2021 11:54 am
IPL 2021

ডুবাইত চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দ্বিতীয় পৰ্বত বৃহস্পতি বাৰে সহজ জয় সাব্যস্ত কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে।

আজি দলটোৱে ৭ উইকেটত পৰাস্ত কৰে ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়াঞ্চক।

খেলখনত টছত জয়ী হৈ কলকাতাই ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় আৰু মুম্বাইক প্ৰথম বেটিঙৰ বাবে আমন্ত্ৰণ জনায়।

মুম্বাইৰ হৈ ইনিংছ আৰম্ভ কৰিবলৈ ফিল্ডত নমা অধিনায়ক ৰোহিত শৰ্মা আৰু ডে ক’কে দলক এক শক্তিশালী আৰম্ভণি দিয়ে।

Also Read:    টী-২০ ক্ৰিকেট বিশ্বকাপৰ থিম ছং মুকলি; কি আছে ইয়াৰ আকৰ্ষণীয় ভিডিঅ’ত

দুয়ো প্ৰথম উইকেটৰ যুটিত ৯.২ অভাৰত ৭৮ ৰান সংগ্ৰহ কৰাৰ পাছত ৰোহিত শৰ্মাই ৩৩ ৰান সংগ্ৰহ কৰি আউট হয়।

অৱশ্যে ইয়াৰ পাছত মন্থৰ বেটিং আৰু সঘন উইকেট পতনৰ পাছত এই ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব নোৱাৰিলে আৰু নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৫৫ ৰান সংগ্ৰহ কৰে।

দললৈ সৰ্বাধিক ৫৫ ৰানৰ অৱদান আগবঢ়াই অপেনাৰ ডে ক’কে। পোলাৰ্ডৰ বেটৰ পৰা আহে ২১ ৰান।

কলকাতাৰ হৈ ল’কি ফাৰ্গুচন আৰু প্ৰচিধ কৃষ্ণই দুটাকৈ উইকেট দখল কৰে। এটা উইকেট হাতলৈ যায় সুনীল নাৰায়ণৰ।

আনহাতে ১৫৬ ৰানৰ লক্ষ্যৰে ইনিংছ আৰম্ভ কৰা কলকাতাৰ আৰম্ভণি সন্তোষজনক নাছিল। অপেনাৰ শুভমন গিলে ১৩ ৰান কৰি বিদায় লোৱাৰ পাছত ক্ৰীজলৈ অহা ৰাহুল ত্ৰিপাঠী আৰু অপেনাৰ ভেংকাটেশ আয়াৰে মাৰমুখী বেটিঙেৰে দ্বিতীয় উইকেটৰ যুটিত মাত্ৰ ৮.৪ অভাৰত ৮৮ ৰান সংগ্ৰহ কৰি দলক প্ৰায় জয়ৰ দুৱাৰদলিত উপনীত কৰায়।

বিধ্বংসী বেটিঙেৰে আয়াৰে ৩০ টা বলত ৪ টা চাৰি আৰু ৩ টা ছয়েৰে ৫৩ ৰান সংগ্ৰহ কৰি আউট হয় যদিও আনটো মূৰত দুৰ্দ্দান্ত বেটিং অব্যাহত ৰাখে ত্ৰিপাঠীয়ে। ত্ৰিপাঠীয়ে মাত্ৰ ৪২ টা বলত ৮ টা চাৰি আৰু ৩ টা ছয়েৰে ৭৪ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে।

কলকাতাৰ বেটিঙত আজি এসময়ৰ আক্ৰমণাত্মক বেটচমেন ব্ৰেণ্ডন মেককুলামৰ প্ৰভাৱ সুস্পষ্ট হৈ পৰে।উল্লেখ্য যে মেককুলাম বৰ্তমান কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰশিক্ষকৰ দায়িত্বত আছে।

আয়াৰ আৰু ত্ৰিপাঠীৰ বেটিং ধুমুহাত মাত্ৰ ১৫.১ অভাৰতে ১৫৬ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰে কলকাতাই।

ক্ৰমাগত দ্বিতীয় জয়েৰে ইতিমধ্যে পইন্ট তালিকাৰ চতুৰ্থ স্থানলৈ উন্নীত হৈছে কলকাতা নাইট ৰাইডাৰ্ছ। শীৰ্ষ স্থান অক্ষত আছে দিল্লী কেপিটেলছৰ।

মিতব্যয়ী বলিঙেৰে ৪ অভাৰত ২০ ৰান খৰচ কৰি এটা উইকেট দখল কৰা সুনীল নাৰায়ণ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।

আজি আইপিএল- ৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰে চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে প্ৰতিদ্বন্দীতা আগবঢ়াব।