NORTHEAST NOW (Assamese)
অসম

অসাধাৰণ ফিল্ডিং! চাওক (ভিডিঅ’)বাউণ্ডেৰীৰ বাহিৰত শূন্যতে জঁপিয়াই কেনেদৰে ছয় বচালে ৰাহুলে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 13, 2021 7:47 am
WhatsApp Image 2021-03-13 at 7.21.31 AM

পূৰ্বেও কেইগৰাকীমান ক্ৰিকেটাৰে নিজৰ অতুলনীয় দক্ষতাৰে বাউণ্ডেৰী লাইনত কেচ ধৰি বা বাউণ্ডেৰী বচোৱাৰ দৃষ্টান্ত আছে। এনে ফিল্ডিঙে স্বাভাৱিকতে দলক উজ্জীৱিত কৰাৰ লগতে দৰ্শককো আহ্লাদিত কৰি তোলে।

এইবাৰ আহমেদাবাদত লোকেশ ৰাহুলে যিদৰে বাউণ্ডেৰী লাইনৰ বাহিৰত জঁপিয়াই ছয় বচালে সেয়া অনন্য, অসাধাৰণ।

মটেৰাত ভাৰত-ইংলেণ্ডৰ মাজৰ টী-২০ ছিৰিজৰ প্ৰথমখন খেলত এনে এক অসাধাৰণ ফিল্ডিঙৰ প্ৰদৰ্শন আগবঢ়ায় লোকেশ ৰাহুলে।

দ্বিতীয় ইনিংছৰ পঞ্চম অবাৰত জোচ বাটলাৰে অক্ষৰ পেটেলৰ এটা বল উঠাই মাৰে। বলটো বাউণ্ডেৰী লাইনৰ বাহিৰলৈ যোৱাটো নিশ্চিত হৈ পৰে। কিন্তু লং অফত ফিল্ডিং কৰা লোকেশ ৰাহুলে কৰি পেলালে এক অসাধাৰণ কাম।

https://twitter.com/lodulalit001/status/1370401079586746374?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1370401079586746374%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fsportscafe.in%2Fcricket%2Farticles%2F2021%2Fmar%2F12%2Ftwitter-reacts-to-sky-high-kl-rahul-saving-a-certain-six-with-an-acrobatic-effort

ৰাহুলে বুজিব পাৰিছিল যে কেচটো ধৰা সম্ভৱ নহয়। তেওঁ বলটোত চকু ৰাখি পিছৰ ফালে জপিয়াই সেয়া হাতৰ মুঠিত বন্দী কৰে।

শূন্যতে বলটো ধৰি মাটিত বাগৰি পৰাৰ পূৰ্বে ৰাহুলে বলটো বাউণ্ডেৰীৰ ভিতৰলৈ এৰি দিয়ে। ইংলেণ্ডৰ বেটছমেনে দুই ৰাণ সংগ্ৰহ কৰিলে যদিও অসাধাৰণ ফিল্ডিঙেৰে ৰাহুলে বাউণ্ডেৰী বচাবলৈ সক্ষম হয়।