NORTHEAST NOW (Assamese)
ক্ৰীড়া

‘দ্য চেভিয়াৰ’ কোহলী, ‘ক্লাছিক’ কে এল শ্ব’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 8, 2023 10:47 pm
India vs Australia World Cup 2023

লক্ষ্য সহজ, ৩০০ বলত প্ৰয়োজন মাত্ৰ ২০০ ৰাণ। পিছে এই সহজ লক্ষ্য অনুসৰণৰ পথ নাছিল সহজ। সমুখত অষ্ট্ৰেলিয়ান বিধ্বংসী পেচ শক্তি। এই শক্তিৰে আক্ৰমণত থৰক বৰক হৈ পৰিছিল ভাৰতৰ বেটিং লাইন আপ। মাত্ৰ দুই অভাৰত দুই ৰাণত পেভিলিয়নমুখী তিনি ভাৰতীয় টপ অৰ্ডাৰ বেটাৰ।

চৰম ব্যৰ্থ হৈ পেভিলিয়নলৈ উভতিছে দুই অপেনাৰ ক্ৰমে অধিনায়ক ৰোহিত আৰু কিষাণ, লগতে আয়াৰ। তথাপি ভাৰতীয় ক্ৰিকেট অনুৰাগী নিৰ্ভীক, হোৱা নাই আশাহত; কিয়নো ক্ৰীজত তেতিয়াও থিয় হৈ আছে চেজ মাষ্টাৰ ‘দ্য আনষ্টপেবল ৰাণ মেন’ বিৰাট ‘দ্য চেভিয়াৰ’ কোহলী আৰু ক্লাছিক ৰাহুল।

এই দুই তাৰকায়ো অৱশ্যে নিৰাশ নকৰিলে অনুৰাগীক। অষ্ট্ৰেলিয়ান আক্ৰমণ দৃঢ়তাৰে প্ৰতিহত কৰি, ধীৰ-স্থিৰ বেটিঙেৰে ইপ্সিত লক্ষ্যৰ দিশত আগবঢ়াই লৈ গ’ল ভাৰতীয় ইনিংছ। চেন্নাইত পুনৰ এবাৰ প্ৰমাণ কৰি দিলে কিয় কোহলীক কোৱা চেজ মাষ্টাৰ, ৰাহুলক কিয় দিয়া হয় ক্লাছিক অভিধা!

চিদাম্বৰম ষ্টেডিয়ামত আজি বিশ্বকাপৰ পঞ্চমখন মেচত টছত জয়ী হৈ অষ্ট্ৰেলিয়াই সিদ্ধান্ত লৈছিল প্ৰথমে বেটিং কৰাৰ। পিছে ভাৰতীয় বলিং শক্তিৰ সন্মিলিত আক্ৰমণত ২০০ ৰাণৰ সীমা স্পৰ্শ নকৰোঁতেই থমকি ৰয় অষ্ট্ৰেলিয়ান ইনিংছ।

ইনিংছত তৃতীয়টো অভাৰত বুমৰাহে দিয়ে অষ্ট্ৰেলিয়াক প্ৰথমটো জোকাৰণি। কোনো ৰাণ সংগ্ৰহ নকৰাকৈয়ে ক্ৰীজ এৰে মিছেল মাৰ্শ্বে। ইয়াৰ পিছত অৱশ্যে ৱাৰ্ণাৰ আৰু স্মিথে আগুৱাই নিয়ে দলক। দুয়ো দ্বিতীয় উইকেটত ৬৯ ৰাণ যোগ দিওঁতেই ৱাৰ্ণাৰ (৪১) কুলদীপৰ চিকাৰ হয়।

ইয়াৰ কিছু সময় পিছতে স্মিথকো বিদায় দিয়ে জাদেজাই। ১১০ ৰাণৰ দলীয় স্ক’ৰত আউট হোৱা স্মিথে দললৈ আগবঢ়ায় সৰ্বাধিক ৪৬ ৰাণ। ১১৯ ৰাণৰ স্ক’ৰত লাবুচেনকো (২৭) পেভিলিয়নৰ পথ দেখুৱায় জাদেজাই।

একেটা অভাৰতে কেৰীকো (০) বিদায় দি জাদেজাই অষ্ট্ৰেলিয়াক শলঠেকত পেলায়। ব্যৰ্থ হয় মেক্সৱেল (১৫), গ্ৰীণ (৮)। অধিনায়ক কামিনচে কৰে ১৫ ৰাণ। শেষলৈ অৱশ্যে ষ্টাৰ্কে কিছু যুঁজ দি ২৮ ৰাণ কৰাৰ সুবাদত দলে ১৯৯ ৰাণ সংগ্ৰহ কৰে।

ভাৰতৰ হৈ জাদেজাই ৩ টা, কুলদীপ-বুমৰাহে ২ টা, চিৰাজ, পাণ্ডিয়া আৰু অশ্বিনে এটাকৈ উইকেট লাভ কৰে। ইফালে এই লক্ষ্য অনুসৰণৰ বাবে ক্ৰীজলৈ অহা অপেনাৰ কিষাণক (০) ষ্টাৰ্কে প্ৰথমটো অভাৰতে আৰু হেজেলউডে ৰোহিত (০), আয়াৰক (০) দ্বিতীয় অভাৰত বিদায় দিয়ে।

পিছে কোহলী আৰু ৰাহুলে চতুৰ্থ উইকেটত ১৬৫ ৰাণৰ এক দৃষ্টিনন্দন তথা উদ্ধাৰকাৰী যুটীৰে ভাৰতক জয়ৰ দুৱাৰমুখলৈ লৈ যায়। কোহলীয়ে ৮৫ ৰাণ কৰি হেজেলউডৰ বলত বিদায় ল’লেও ৯৭ ৰাণত অপৰাজিত থাকে ৰাহুল।

ইনিংছৰ ৪১ তম অভাৰৰ দ্বিতীয়টো বলত কামিনচৰ বল বাউণ্ডেৰীৰ সীমা পাৰ কৰি ৰাহুলে ভাৰতক দিয়ে আকাংক্ষিত বিজয়। এই বিজয়েৰেই বিশ্বকাপ জয়ৰ অভিযানৰ পাতনি মেলিছে ভাৰতে। এই চমকপ্ৰদ ইনিংছটোৰ বাবে ৰাহুল মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়।