NORTHEAST NOW (Assamese)
অসম

কে এল অ’ৰ সাধাৰণ সম্পাদক কৈলাশ কোচৰ আত্মসমৰ্পণক বংগ আৰক্ষীৰ নাটক আখ্যা সেনাধ্যক্ষ জীৱন সিংহৰ

Posted by: প্ৰণৱ কুমাৰ ডেকা, বঙাইগাওঁ Updated by: প্ৰণৱ কুমাৰ ডেকা, বঙাইগাওঁ August 19, 2022 9:11 pm

নিষিদ্ধ ঘোষিত সংগঠন কে এল অ’ৰ সাধাৰণ সম্পাদক কৈলাশ কোচে বৃহস্পতিবাৰে কলকাতাৰ ভৱানী ভৱনত পশ্চিম বংগ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা বিষয়টোক কে এল অ’ৰ সেনাধ্যক্ষ জীৱন সিংহই কলকাতা আৰক্ষীৰ নাটক আখ্যা দিছে৷

এই সন্দৰ্ভত সংগঠনটোৰ তৰফৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক অডিঅ বাৰ্তাত কে এল অ ‘ ৰ সেনাধ্যক্ষ জীৱন সিংহই উল্লেখ কৰে যে – আমি কে এল অৰ সাধাৰণ সম্পাদক কৈলাশ কোচক টিভিৰ পৰ্দাত দেখা পাইছো আৰু দেখা পাইছো কৈলাশ কোচক লৈ গৈ কলকাতাৰ আৰক্ষীয়ে নাটক কৰিছে ৷ মই সেয়ে কোচ কমতাপুৰীবাসীক ক’ব বিচাৰিছো যে এই নাটক সম্পূৰ্ণ মিছা, ভুৱা , ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু কে এল অ’ক হেয়প্ৰতিপন্ন কৰিবলৈ সৃষ্টি কৰা হৈছে ৷ আমি পূৰ্বেই জনাইছিলো যে কৈলাশ কোচক বাংলাদেশত গ্ৰেপ্তাৰ কৰিছে আৰু বাংলাদেশৰ পৰা পশ্চিমবংগ আৰক্ষীৰ বিশেষ বাহিনীয়ে কলকাতালৈ আনে আৰু ইয়াতে গুপ্ত স্থাপন নিৰ্যাতন- অত্যাচাৰ চলায় ৷

কিন্তু সংগঠনৰ তৰফৰ পৰা বিবৃতি দিয়াৰ পিচত পশ্চিমবংগ আৰক্ষী কৈলাস কোচক বাহিৰলৈ উলিয়াবলৈ বাধ্য হৈছে ৷ কাৰণ কৈলাস কোচৰ গ্ৰেপ্তাৰ তথা নিৰ্যাতন সম্পূৰ্ণ মানৱতা বিৰোধী, আইন বিৰোধী ৷ আজি কৈলাশ কোচক গান পইণ্টত ৰাখি যি বক্তব্য দিয়াইছে সেইয়া কিন্তু সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত, মনেসজা আৰু মিছা বুলিও কয় ৷ সেই বাবে কোচ কমতাপুৰী জনগণক কে এল অ নেতাগৰাকীয়ে পশ্চিমবংগ আৰক্ষীৰ এনে মিছা নাটকত কাণ নিদিবলৈ আৰু বিচলিত নোহোৱাৰ লগতে বিশ্বাস নকৰিবলৈকো বাৰ্তাটোত আহ্বান জনায় ৷

উল্লেখ্য যে কে এল অ’ৰ সাধাৰণ সম্পাদক কৈলাশ কোচে বৃহস্পতিবাৰে কলকাতাত পশ্চিম বংগৰ আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰত পত্নী জুগলি কোচসহ আত্মসমৰ্পণ কৰিছিল ৷ আত্মসমৰ্পণ কৰাৰ সময়ত নেতাগৰাকীয়ে এটা এ কে ৪৭ ৰাইফল আৰু নথি – পত্ৰ জমা দিছিল৷ সংগঠনটোত সেনাধ্যক্ষ জীৱন সিংহৰ পিছতে আছিল কৈলাশ কোচৰ স্থান ৷ সেয়ে কৈলাশ কোচৰ আত্মসমৰ্পণ সংগঠনটোৰ বাবে মোক্ষম আঘাত হিচাপে পৰিগণিত হ’ব বুলি ধাৰণা কৰা হৈছে ৷