NORTHEAST NOW (Assamese)
অসম

কাৰাৰুদ্ধ অখিলক মুকলি আকাশৰ তললৈ আনিবলৈ আৰ্থিকভাৱে সহায় ভিক্ষা KMSSৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 13, 2020 8:42 pm
37839c16-8e01-4633-a81f-0297efcbdc7e

কাৰাৰুদ্ধ অখিল গগৈক মুকলি আকাশৰ তললৈ আনিবলৈ অসমবাসী ৰাইজৰ ওচৰত আৰ্থিকভাৱে সহায় ভিক্ষা মাগিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সভাপতি ভাস্ক’ডি শইকীয়াই অখিল গগৈৰ নামত খোলা বেংক একাউন্টৰ জৰিয়তে অসমবাসী ৰাইজৰ পৰা সাহায্য বিচাৰে।

কিয়নো অখিল গগৈক মুকলি আকাশৰ তললৈ আনিবলৈ হ’লে উচ্চ ন্যায়ালয়ৰ ওচৰত আবেদন কৰিব লাগিব তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তাক আইনী যুঁজৰ বাবে আনিবলৈয়ো প্ৰয়োজন হ’ব লক্ষাধিক টকা।

এই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিজনে সংবাদমেলত কয়, ‘অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ এটাই পথ আছে। সেইটো হ’ল আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লাগিব। ইতিমধ্যে আমি উচ্চ ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।‘

ইতিমধ্যে অখিল গগৈৰ হৈ গোচৰটোত ন্যায়ালয়ত অৱতীৰ্ণ হোৱাৰ বাবে উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ্য অধিবক্তাৰ সৈতে কথা পাতিছে বুলি শইকীয়াই দাবী কৰে।

তেওঁ লগতে কয়, ‘আমাৰ সৈতে উচ্চতম ন্যায়ালয়ৰ দুগৰাকী অধিবক্তাই কথা পাতিছে। কিন্তু আম এতিয়া কাৰিকৰী কাৰণত নাম সদৰী কৰা নাই।‘

ইপিনে, অখিল গগৈৰ হৈ তেওঁৰ অধিবক্তাসকলে ইতিমধ্যে বিনা পাৰিশ্ৰমিকেৰে ন্যায়ৰ হকে যুঁজ কৰি গৈছিল বুলি শইকীয়াই সদৰী কৰি লগতে কয়, ‘এতিয়া উচ্চতম ন্যায়ালয়ৰ যিগৰাকী অধিবক্তা আহিব তেওঁক পাৰিশ্ৰমিক দিব লাগিব। এইক্ষেত্ৰত কেৱল এটা বা দুটা দিনতে ৩-৪ লাখ টকা প্ৰয়োজন হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতিক। আমাৰ হাতত এই সময়ত এটকাও পইচা নাই বুলি কব পাৰি।‘

‘যিসকলে অখিল গগৈৰ অন্যায় হৈছে বুলি ভাবিছে বা কাৰাগাৰৰ পৰা মুকলি হোৱাটো বিচাৰিছে তেওঁলোকে আমাক সহায় কৰক। যি পাৰে দান কৰক। অন্যথা আমি অখিল গগৈক মুকলি আকাশৰ তললৈ আনিব নোৱাৰিম। যিসকল লোকে পাৰে ১০০, ২০০, ৫০০, ১০০০ টকা দান কৰক। ইয়াকো কওঁ যে, আপোনালোকৰ সহায় অবিহনে আমি একো কৰিব নোৱাৰো। ৰাইজে নখ জোকাৰিলে নৈ বয়।” সংবাদমেলত ভাস্ক’ডি শইকীয়াই এইদৰে কয়।

ইতিমধ্যে, ভাৰতীয় ষ্টেট বেংকৰ পিবিবি গনেশগুৰি শাখাত এটা একাউন্ট অখিল গগৈক সহায় কৰাৰ বাবে খোলা হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘কোনো লোকে অখিল গগৈক সহায় কৰিব বিচাৰিলে এই বেংকত থকা এটা একাউন্ট নম্বৰত টকা দিব পাৰিব। একাউন্ট নম্বৰটো 39570040035। IFSC হৈছে SBIN0004134।‘

আনহাতে, নেট বেংকিঙ, গু’গল পে, YONO ইত্যাদি এপৰ জৰিয়তেও কোনো লোকে আৰ্থিক সাহায্য আগবঢ়াব পাৰিব বুলি তেওঁ উল্লেখ কৰে।

তদুপৰি, এই সন্দৰ্ভত কোনো লোকে ফোনযোগেও কৃষক মুক্তিৰ নেতৃত্বৰ সৈতে কথা পাতিব পাৰিব বুলি উল্লেখ কৰি শইকীয়াই কয়, ‘কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক মুকুট ডেকা (9854019929), কাৰ্যকৰী সভাপতি অনিল বড়ো (6900568838) আৰু  উপদেষ্টা শ্বাহজাহান হুছেইন (6002756441)ৰ সৈতে কোনো লোকে যোগাযোগ কৰিব পাৰিব।‘

‘অখিল গগৈ যাতে কাৰাগাৰাৰ পৰা মুকলি আকাশৰ তললৈ আহিব নোৱাৰে তাৰ বাবে চৰকাৰে অন্য কৌশল লৈছে। নিয়াই এইবাৰ মানস কোঁৱৰ, বিতু সোণোৱাল আৰু ধৈৰ্য্য কোঁৱৰৰ জামিন আবেদন নাকচ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছে। এই ৩জন নেতাৰ জামিন আবেদন নাকচ হ’লে পুনৰ তেওঁলোক কাৰাগাৰলৈ যাব লাগিব।‘ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক’ ডি শইকীয়াই অভিযোগ তুলি কয়।