NORTHEAST NOW (Assamese)
Popular Stories

NIAই অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰা চাৰ্জশ্বীট ভুৱা অভিযোগৰে ভৰপুৰ : কৃষক মুক্তি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 3, 2020 3:49 pm
Akhil Gogoi case: Hearing begins in Gauhati High Court

যোৱা ২৯ মে’ৰ দিনা  নিয়া আদালতত অতিৰিক্ত আৰক্ষী অধীক্ষক ধনৰাম সিঙে দাখিল কৰা চার্জশ্বীটখন ভুৱা অভিযোগৰে ভৰি থকা বুলি দাবী কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

বুধবাৰে মহানগৰীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত সংগঠনটোৰ সভাপতি ভাস্ক’ডি শইকীয়া আৰু যুটীয়া সাংগঠনিক সম্পাদক মুকুট ডেকাই এক সংবাদমেল সম্বোধন কৰি নিয়াই আদালতত দাখিল কৰা চাৰ্জশ্বীটৰ বিৰুদ্ধে সৰব হৈ পৰে।

সংবাদমেলত শইকীয়াই কয়, ‘তিনিমাহত চার্জশ্বিট দাখিলত ব্যৰ্থ হৈ অনুসন্ধান সংস্থাটোৱে ১৮০ দিন অতিক্ৰম কৰাৰ পূৰ্বে ১৬৫ দিনত অভিযোগনামা দাখিল কৰে। ভাৰতীয় দণ্ড বিধিৰ ১২০ বি/১২৪ এ/১৫৩এ/১৫৩বি আৰু বে আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা ১৮ আৰু ৩৯ অভিযোগেৰে চার্জশ্বীট দাখিল কৰে। মুঠ পৃষ্ঠা ৪০ যদিও তাৰে কেৱল ১৯ পৃষ্ঠাহে অভিযোগ। বাকী অংশ সংলগ্ন নথিৰ তথ্য। এইখনেই নিয়াৰ হয়তো সকলোতকৈ সৰু চার্জশ্বিট।‘

শইকীয়াৰ দাবী ‘চার্জশ্বীটখন ভৰি আছে কেৱল অভিযোগেৰে। তথ্য প্ৰমাণ একো নাই ‘

ইপিনে নিয়াই চাৰ্জশ্বীটত দাখিল কৰা অভিযোগ তিনিটা উল্লেখ কৰে শইকীয়াই। তেওঁ জনোৱা অনুসৰি অভিযোগ তিনিটা ক্ৰমে-

১) মাওবাদীৰ লগত অখিল গগৈৰ এসময়ত  সভা হৈছিল আৰু অখিল গগৈয়ে কৃষক মুক্তিৰ সদস্যক ৰাজ্যৰ বাহিৰত মাওবাদীৰ প্ৰশিক্ষণ দি অনাইছিল। গতিকে অখিল গগৈৰ মাওবাদীৰ লগত যোগাযোগ আছে।

২) ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰে অখিল গগৈৰ মতাদৰ্শক সমৰ্থন কৰে আৰু তেওঁলোকৰ মতাদৰ্শ মাওবাদীৰ দৰে।

৩) চাৰিওজনে ২০১৯ চনৰ ডিচেম্বৰ মাহত অসমত কাৰ বিৰুদ্ধে ব্যাপক আন্দোলন, পথ অৱৰোধ কৰি চৰকাৰৰ প্ৰশাসনযন্ত্ৰক অচল কৰিছিল, যিটো মাওবাদী ধৰণৰ আন্দোলন আছিল। অৰ্থাৎ,চার্জশ্বীট অনুসৰি ‘কা’ বিৰোধী অসমবাসীৰ সংগ্ৰাম আছিল মাওবাদীৰ সংগ্ৰামহে।

সংবাদমেলৰ ফটো

তাৎপয্যপূৰ্ণভাৱে, নিয়াই এই অভিযোগ দাখিল কৰিলেও অখিল গগৈৰ মাওবাদীৰে সভা হোৱা বা অভিযোগ অনুসৰি সম্পৰ্ক থকাৰ কোনো প্ৰমাণ, দলিল, সাক্ষ্য নাই বুলি দাবী কৰি ভাস্ক’ডিয়ে কয়, ‘এই ভুৱা অভিযোগ জাপিবলৈ পৰিচয় গোপন কৰা দুজন ৰাজসাক্ষী থিয় কৰোৱা হৈছে। চৰকাৰী পোহনীয়া, ভেৰুণীয়া কোনো লোকক বোধহয় সাজু কৰা হৈছে। হয়তো ধন বিত দি অখিল গগৈৰ বিৰুদ্ধে কবলৈ প্ৰৰোচিত কৰা হ’ব তেওঁলোকক। এনেদৰেই ভুৱা সাক্ষীৰে কৃষক নেতা কেইজনক অভিযুক্ত কৰিব খোজা হৈছে।‘

ইপিনে, চাৰিওজনৰ আদৰ্শ মাওবাদী বুলি দেখুৱাবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যালয়ৰ পৰা জব্দ কৰা কেইখনমান বাওঁপন্থী কিতাপ প্ৰমাণ হিচাপে থিয় কৰোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় ‘সেই কিতাপকেইখন পানবজাৰৰ পৰা কিনা হৈছিল। কাৰ্য্যালত অন্য কিতাপো আছিল স্বামী বিবেকানন্দ বা মহাত্মা গান্ধীৰ জীৱনীমূলক গ্ৰন্থও আছিল যদিও সেই কেইখন নিয়া নাছিল।‘

তেওঁ আৰু কয় ‘কা আন্দোলনত ব্যাপক হিংসা সংঘটিত হোৱা বুলি দেখুৱাবলৈ অসম পুলিচ আৰু সংবাদ মাধ্যমৰ পৰা সংগ্ৰহ কৰা কেইটামান ভিডিঅ’ গাঁঠি দিয়া হৈছে অভিযোগনামাৰ লগত। অখিল গগৈয়ে ‘কা’ আন্দোলনত নেতৃত্ব দিয়া দেখুৱাবলৈ Youtube ৰ পৰা কেইটামান অখিল গগৈৰ ভাষণ তথ্য প্ৰমাণ হিচাপে দাঙি ধৰা হৈছে, যিবোৰত কতো হিংসাৰ আশ্ৰয় লোৱাৰ প্ৰমাণ নাই।

‘চাৰিওজনে লগ লাগি অপৰাধমূলক ষড়যন্ত্ৰ কৰা দেখুৱাবলৈ ফোনৰ CDR বিশ্লেষণ এটা দিয়া হৈছে। য’ত কোৱা হৈছে যে তেওঁলোকে বিভিন্ন সময়ত নিজৰ মাজত ফোনেৰে যোগাযোগ ৰক্ষা কৰিছিল।‘ শইকীয়াই লগতে কয়।

ইপিনে, ছমাহ তদন্ত কৰিও নিয়াই অখিল গগৈ আৰু আন তিনিজনৰ ৰাষ্ট্ৰদ্ৰোহ, মাওবাদীৰ লগত সম্পৰ্ক, অপৰাধমূলক ষড়যন্ত্ৰ  আৰু দুটা গোটৰ মাজত সংঘাত লগোৱাৰ অভিযোগৰ প্ৰমাণ কৰিবলৈ কোনো তথ্য, প্ৰমাণ, সাক্ষ্য, দলিল গোটাব নোৱাৰিলে বুলি তেওঁ সদৰী কৰে।

অখিল গগৈসহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ মুক্তিৰ দাবীত ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত সামাজিক দূৰত্ব আৰু সকলো স্বাস্থ্য বিধি পালন কৰি শীঘ্ৰে ধাৰাবাহিক আন্দোলন গঢ়ি তুলিব বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কো-ডি শইকীয়া আৰু যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকাই স্পষ্ট কৰি দিয়ে।