NORTHEAST NOW (Assamese)
অসম

প্ৰধান মন্ত্ৰীয়ে দামী সম্পত্তি বিক্ৰী কৰি নিচা খোৱা মানুহৰ দৰে আচৰণ কৰিছে : কৃষক মুক্তিৰ উপদেষ্টা হুছেইন মহম্মদ ছাহজাহান

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা May 20, 2020 9:53 am

দিহিং পাটকাই বর্ষাৰণ্য ধ্বংস কৰি কয়লা খননৰ বাবে দিয়া অনুমতিৰ সিদ্ধান্তক কৃষক মুক্তি সংগ্রাম সমিতিয়ে তীব্ৰ বিৰোধিতা কৰিছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ ছাহজাহানে অভয়াৰণ্য খনত ধ্বংস যজ্ঞ পাতি কয়লা খনন কৰিবলৈ কেন্দ্ৰ চৰকাৰ সাজু হোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

‘‘প্ৰধান মন্ত্ৰীয়ে ঘৰৰ দামী সম্পত্তি বিক্ৰী কৰি নিচা খোৱা মানুহৰ দৰে আচৰণ কৰিছে। দিহিং পাটকাই পুঁজিপতিৰ হাতত বিক্ৰী কৰি কয়লা খননৰ অনুমতি প্ৰদান কৰি চৰকাৰে অসমক ভয়ংকৰ বিপদৰ মাজলৈ ঠেলি দিছে। মোডী যেতিয়াৰ পৰা ক্ষমতালৈ আহিছে অসমৰ বাবে কোনো এটা কাম ভাল হৈ থকা নাই,’’ হুছেইনে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কয়।

‘‘মোডীৰ শাসন মান আৰু ব্ৰিটিছতকৈ ভয়ংকৰ অসমৰ বাবে কাৰণ তেওঁ অসমৰ সকলো সম্পত্তি পুঁজিপতি গোষ্ঠীৰ হাতত বিক্ৰী কৰি দিছে। অভয়াৰণ্য এখন বিক্ৰী কৰি দিয়াটো কোনো সুস্থ বিবেকৱান মানুহৰ কাম নহয়’’ ছাহজাহানে লগতে কয়।

ইপিনে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মোডীৰ এজেণ্ট আখ্যা দি ছাহজাহানে সোণোৱালৰ মানুহ হোৱা যোগ্যতা নাই বুলি উল্লেখ কৰাৰ লগতে মুখ্য মন্ত্ৰীয়ে বর্ষাৰণ্যখন বিক্ৰী কৰাৰ সিদ্ধান্তৰ পাছতো ক্ষমতাৰ বাবে মনে-মনে আছে বুলি কটাক্ষ কৰে।

কৃষক মুক্তি সংগ্ৰাম সমিতি নেতা গৰাকীয়ে কৃষক নেতা অখিল গগৈক চৰকাৰে জেইলত ৰাখি আৰু ল’কডাউনপ সুযোগ গ্ৰহণ কৰি জনবিৰোধী নীতি গ্ৰহণ কৰি আহিছে বুলি লগতে কয়।

জৈৱ-বৈচিত্ৰৰ পৰিৱৰ্তন কৰি বিপদ হ’ব পৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰো দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীয়ে ৷

চৰকাৰে নিজৰ সিদ্ধান্ত সলনি নকৰিলে ল’কডাউন খোলাৰ পাছত কেন্দ্ৰ-ৰাজ্য কোনো এখন চৰকাৰক শান্তিত থাকিবলৈ দিয়া নহ’ব বুলি হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা গৰাকীয়ে ৷